/asomiyapratidin/media/media_files/2024/11/16/1Z4KI6YGAUj4DXkzoUt9.png)
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত এতিয়া অধিকাৰৰ দিৱসবোৰ উদযাপনৰ দিৱস হিচাপে পৰিগণিত হৈছে। সেয়া লাগিলে শিশু দিৱসেই হওঁক, নাৰী দিৱসেই হওঁক নাইবা প্ৰেছ দিৱসেই হওঁক। আজিকালি দিৱসবোৰ অধিক উৎসৱমুখীতাৰ ধামখুমীয়াত মূল অধিকাৰৰ প্ৰসংগৰ পৰা ফালৰি কাটি গৈছে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উৎসৱ উদযাপনৰ বাবে নহয়, অধিকাৰৰ সাব্যস্তৰ বাবহে। সাংবাদিকৰ স্বাধীনতা, স্বতন্ত্ৰতা আৰু সুৰক্ষাৰ অধিকাৰৰ বিষয়ে সমস্বৰে মাত মতাটোৱেই হল ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল্য আৰু প্ৰধান উদ্দেশ্য- আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুয়ে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত অংশ লৈ এই মন্তব্য বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তৰ।
প্ৰতিবাৰৰ দৰে এইবাৰো আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুয়ে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক প্ৰতিনিধিৰ উপস্থিতিত দিছপুৰ প্ৰেছ ক্লাৱত উদযাপিত হয় এই দিৱসটি। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত।
অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মেশ্বৰ গোস্বামী আৰু শোণিতপুৰ জিলাৰ জামুগুৰিৰ কোৱামৰা সত্ৰৰ সত্ৰাধিকাৰ গোপাল মহন্ত আৰু বিশিষ্ট সাংবাদিক সঞ্জীৱ কুমাৰ ফুকন। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে ৰাজ্যৰ ২গৰাকী জ্যেষ্ঠ সাংবাদিকক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে আপকুয়ে।
আজিৰ অনুষ্ঠানত আপকুয়ে অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ৰাজতিলক বৰ্মন আৰু দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জন কুমাৰ ৰেগনক বিশেষভাৱে সম্বৰ্ধনা জনায়। দুয়োগৰাকী সাংবাদিকে বটাঁ গ্ৰহণ কৰি সাংবাদিকতালৈ অহা প্ৰত্যাহ্বান, পৰিৱৰ্তন আৰু দায়িত্ববোধৰ বিষয়ে নিজৰ অভিজ্ঞতাৰ পৰা বক্তব্য ৰাখে।
অনুষ্ঠানটোৰ প্ৰথম কাৰ্যসূচী হিচাপে ৰাজ্যৰ শ্বহীদ সাংবাদিক সকলক প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দুই সত্ৰাধিকাৰে আৰম্ভ কৰা এই কাৰ্যসূচীত উপস্থিত সকলোৱে অংশ লয়।
ইয়াৰ পিছতে আৰম্ভ হয় মুকলি সভা। এই মুকলি সভাতেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি সকলক সম্বৰ্ধনাৰ লগতে উপস্থিতি অতিথিসকলো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজিৰ দিনটোৰ সৈতে সংগতি ৰাখি আপকুৱে এখনি সৰ্বাংগ সুন্দৰ মুখপত্ৰও প্ৰকাশ কৰে। ‘ৰাষ্ট্ৰীয় প্ৰেছ দিৱস-অবিৰত যাত্ৰা’ শীৰ্ষক এই মুখপত্ৰখনি উন্মোচন কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই।
অনুষ্ঠানটোত বিশিষ্ট সাংবাদিকগৰাকীয়ে সময়ৰ সৈতে সাংবাদিকতা পৰিৱৰ্ধিত ৰূপটোৰ বিষয়ে পুংখানুপুংখকৈ বিৱৰণ দাঙি ধৰে। তেওঁ কয়- সাংবাদিকতাৰ পৰিৱৰ্ধিত ৰূপটোত যিদৰে যোগাত্মক দিশ আছে, ঠিক তেনেদৰে ঋণাত্মক দিশো আছে। এই সকলোবোৰ চালিজাৰি চাই আমি সাংবাদিকতাৰ বাটত সচেতনাৰে খোজ থব লাগিব।
তেওঁ সাংবাদিকতাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু এই প্ৰত্যাহ্বানৰ মাজতো কৰ্তব্যবোধ আৰু নিষ্ঠাক কেনেকৈ ধৰি ৰাখিব পাৰি তাৰ সন্দৰ্ভতো বক্তব্য দাঙি ধৰে। আপকুৰ জন্মলগ্নৰে পৰা কিদৰে প্ৰতিষ্ঠাতা ভৱেশ বৰুৱাৰ সৈতে বিভিন্ন কাম-কাজত অংশ লৈছিল সেই স্মৃতিও সোৱঁৰণ কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই।
অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সত্ৰাধিকাৰ দুগৰাকীয়েও সততা আৰু নিষ্ঠাৰ বাটত থাকি নিজৰ কৰ্তব্য পালন কৰিবলৈ সকলো সাংবাদিকক প্ৰভু ভগৱন্তই শক্তি দিয়াৰ পোষকতা কৰে। লগতে তেওঁলোকে কয়- বাহিৰৰ পৰা বহুতে বহু কথা কয় যদিও সাংবাদিকতাৰ ক্ষেত্ৰখন বৰ কাইটীয়া। গতিকে এই ক্ষেত্ৰখনত থকা সকলোলৈ আমাৰ গভীৰ নমন।
আনহাতে অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনে গ্লেমাৰসৰ্বস্ব সাংবাদিকতা যে প্ৰকৃত সাংবাদিকতা নহয় আৰু তেনে সাংবাদিকতাই সমাজৰ কোনো হিত সাধন কৰিব নোৱাৰে সেই কথা প্ৰকাশ কৰে। কঠোৰ পৰিশ্ৰম, অধ্যয়নশীলতাইহে কালজয়ী সাংবাদিকতাৰ সৃষ্টি কৰিব পাৰে বুলি কয় তেওঁ। ফুকনে অসমীয়া প্ৰতিদিন কাকতৰ জন্মলগ্নৰ সেই সংঘৰ্ষময় পৰিস্থিতিও কথাও বক্তব্যৰ প্ৰসংগত উল্লেখ কৰে।
মুকলি সভাত সভাৰ উদ্দেশ্য বাখ্যা দাঙি ধৰে আপকুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শৰত শেণছোৱাই। অনুষ্ঠানটিৰ শেষত আপকুৰ সভাপতি স্বপন কুমাৰ ৰাভাই শলাগল শৰাই ভাষণত আপকুৰ ভৱিষ্যত কাৰ্যপন্থা আৰু সাংবাদিকৰ অধিকাৰক হৈ অধিক সচেতন হোৱাৰ কথা প্ৰকাশ কৰে। আপকুৰ কামৰূপ জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিৰ আঁত ধৰে কামৰূপ জিলাৰ সম্পাদক নিৰেন চন্দ্ৰ মালীয়ে।