/asomiyapratidin/media/media_files/2025/06/25/subhangshu-25-2025-06-25-10-43-11.jpg)
ডিজিটেল ডেস্কঃ সকলো বাধা অতিক্ৰম কৰি অৱশেষত মহাকাশ যাত্ৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে শুভাংশু শুক্লা।দীৰ্ঘদিনীয়া অপেক্ষা আৰু বাৰে বাৰে সন্মুখীন হোৱা নানান প্ৰত্যাহ্বান নেওচি আজি আমেৰিকাৰ ফ্ল’ৰিডাস্থিত নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ১২-০১ বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব শুভাংশু।
শুভাংশুৰ এই মহাকাশ যাত্ৰা ভাৰতৰ বাবে হৈ ৰব ঐতিহাসিক। কিয়নো ৰাকেশ শৰ্মাই মহাকাশ যাত্ৰা কৰাৰ চাৰিটা দশকৰ পিছত প্ৰথমবাৰৰ বাবে আন এজন মহাকাশ যাত্ৰীয়ে যাত্ৰা কৰিবলৈ লৈছে।
আজি শুভাংশুৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ মুঠ ৪ জন মহাকাশচাৰীয়ে যাত্ৰা কৰিব। এই দলটোৰ নেতৃত্বত আছে নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেছৰ মানৱ মহাকাশ উৰণৰ সঞ্চালক ৰেগি হুইটছন।
ইয়াৰ উপৰিও পোলেণ্ডৰ স্লাৱোছ ৱ’জনাৰস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিব’ৰ কাপু নামৰ মহাকাশচাৰী দুজনো আছে এই দলটোত। তেওঁলোকে আটাই কেইগৰাকীয়ে ১৪ দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব।
এই সময়ছোৱাত তেওঁলোকে অতি কমেও ৬০টা পৰীক্ষা কৰিব। বুধবাৰে নিশা ১২:০১ বজাত উৎক্ষেপণ কৰা হ’ব স্পেছএক্সৰ ড্ৰেগন মহাকাশযান।নাছাৰ কেনেডি স্পেছ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯ ‘এ’ৰ পৰা ফেলকন ৯ ৰকেটৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰা হ’ব স্পেছএক্সৰ ড্ৰেগন।
বৃহস্পতিবাৰে পুৱা তেওঁলোক গৈ উপস্থিত হ’ব আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত। নাছাই এই অভিযানৰ নাম দিছে ‘Axiom-4’ । এই অভিযানৰ বাবে প্ৰথমে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) য়ে শুভাংশু শুক্লা আৰু প্ৰশান্ত বালাকৃষ্ণন নায়েৰৃৰ নামৰ দুজন মহাকাশচাৰীক বাছনি কৰিছিল।
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ শুভাংশু ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন। ৩৯ বছৰীয়া শুভাংশুকে পৰৱৰ্তী সময়ত মূল মহাকাশচাৰী হিচাপে নিৰ্বাচিত কৰা হয়। বিগত বছৰৰ আগষ্টৰ পৰা দুয়োজনৰে অভিযানৰ বাবে প্ৰশিক্ষণ আৰম্ভ হৈছিল।
প্ৰথম অৱস্থাত শুভাংশুক এই অভিযান ২০২৫ চনৰ ২৯ মে’ত হ’ব বুলি কোৱা হৈছিল।কিন্তু বতৰ আৰু যান্ত্ৰিক বিজুতিকে ধৰি বিভিন্ন কাৰণত নাছাই কেইবাবাৰো এই অভিযান পিছুৱাই দিবলৈ বাধ্য হয়।
নাছাৰ এই ‘এক্সিয়াম-৪’ অভিযানৰ পাইলট শুভাংশু। তেওঁ মহাকাশযানখন নিয়ন্ত্ৰণ কৰিব। বায়ুসেনাৰ অধিনায়ক হোৱাৰ বাবে শুভাংশুৰ এ এন-৩২, জাগুয়াৰ, হক, মিগ-২১, ছু-৩০কে ধৰি বিভিন্ন ধৰণৰ যুঁজাৰু বিমান উৰণৰ অভিজ্ঞতা আছে।