আমাৰ অৰ্বিটাৰৰ ফটোত ধৰা নপৰিল চন্দ্ৰযান-২ৰ ‘বিক্ৰম’ লেণ্ডাৰৰ অৱস্থিতিঃ নাছা

আমাৰ অৰ্বিটাৰৰ ফটোত ধৰা নপৰিল চন্দ্ৰযান-২ৰ ‘বিক্ৰম’ লেণ্ডাৰৰ অৱস্থিতিঃ নাছা

author-image
asomiyapratidin
New Update
আমাৰ অৰ্বিটাৰৰ ফটোত ধৰা নপৰিল চন্দ্ৰযান-২ৰ ‘বিক্ৰম’ লেণ্ডাৰৰ অৱস্থিতিঃ নাছা

ডিজিটেল ডেস্কঃ চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ সন্দৰ্ভত নাছাই শেহতীয়াকৈ সদৰী কৰে যে, তেওঁলোকৰ অৰ্বিটাৰৰ পৰা লাভ কৰা ফটোত চন্দ্ৰযান-২ৰ লেণ্ডাৰ কোন স্থানত আছে সেই বিষয়ে জানিব পৰা নাই। নাছাই লগতে কয় যে, যি সময়ত আমাৰ অৰ্বিটাৰে ফটো তুলিছিল সেই সময়ত হয়তো চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰ ছায়া বা আন অন্ধকাৰ স্থানত আছিল। সেয়েহে তাৰ অৱস্থিতি ধৰা নপৰিল।

Advertisment

উল্লখ্য যে, চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰ অৱতৰণ কৰা সময়তচন্দ্ৰপৃষ্ঠৰ পৰা কিছু মিটাৰ উচ্চতাত সংযোগ বিচ্ছিন্ন হৈ পৰিছিল। তাৰ পাছৰে পৰাভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ই লেণ্ডাৰৰ সৈতে পুনৰ সংযোগ স্থাপনৰ বাবেচেষ্টা চলাই আছে যদিও সুফল লাভ কৰা নাই।