মংগল গ্ৰহত পলসুৱা মাটিৰ সন্ধান পালে নাছাই…

মংগল গ্ৰহত পলসুৱা মাটিৰ সন্ধান পালে নাছাই…

author-image
asomiyapratidin
New Update
মংগল গ্ৰহত পলসুৱা মাটিৰ সন্ধান পালে নাছাই…

ডিজিটেল ডেস্কঃ মংগল গ্ৰহত পানী আৰু জীৱনৰ সন্ধানত প্ৰতিদিনেই নতুন নতুন তথ্য লাভ কৰিছে আমেৰিকাৰ মহাকাশ সন্থা নাছাই। শেহতীয়াকৈ নাছাৰ অভিযানত মংগল গ্ৰহত পলসুৱা মাটিৰ ভাণ্ডাৰ লাভ কৰা হৈছে।

Advertisment

নাছাই জনোৱা মতে, কিউৰিয়ছিটী ৰোবৰ নামৰ ৰব'টটোৱে মংগল গ্ৰহৰ এবেৰলেটী আৰু কিলমাৰীৰ শিলৰ নমুনা লয়। মংগলগ্ৰহৰ ২৪০৫ দিনটোত অৰ্থাৎ ১২ মে' তাৰিখে ৰব'টটোৱে এখন ছেলফী তুলিছিল। আৰু এই ফটোখনতেই এই পলসুৱা মাটিৰ সন্ধান হোৱা বুলি জনায় নাছাই।

লগতে ৰোবৰ ৰব'টটোৱে অতি কম মাত্ৰাত লাভ কৰিছে চেমিনৰ উপাদান। চেমিনহ'ল এবিধ ল' অক্সাইড খনিজ পদাৰ্থ। নাছাই লগতে অনুমান কৰিছে যে, গ্ৰহটোত এটা সময়তথকা হ্ৰদৰ বোকাবোৰৰ দ্বাৰাই এই প্ৰকাণ্ড শিলবোৰৰ নিৰ্মাণ হৈছিল।