/asomiyapratidin/media/media_files/2025/05/26/uNiDT7hyYmndaA0NnecT.jpg)
ডিজিটেল ডেস্কঃ বিগত কিছুদিনৰ পৰা সূৰ্যৰ অৱস্থিতিয়ে চিন্তাত পেলাইছে নাছাৰ বৈজ্ঞানিকসকলক। শেহতীয়াকৈ সূৰ্যত সংঘটিত হোৱা প্ৰচণ্ড বিস্ফোৰণৰ ফলত অতি শক্তিশালী ৰশ্মি পৃৃথিৱীত প্ৰৱেশ কৰাৰ আশংকা কৰিছে বৈজ্ঞানিকসকলে। যদিহে এনে হয় তেন্তে, মোবাইলৰ নেটৱৰ্ক, চেটেলাইট আৰু বিদ্যুতৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব।
নাছাৰ বিজ্ঞানীসকলে সদৰি কৰা অনুসৰি, সূৰ্যৰ অতিকৈ সক্ৰিয় অংশ চানস্পাৰ্ট AR4087 ত বিগত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে ভয়ংকৰ বিস্ফোৰণ হৈ আছে। যোৱা ১৩মেত সূৰ্যৰ এই অংশত প্ৰথম বিস্ফোৰণ সংঘটিত হৈছিল। এই বিস্ফোৰণৰ পিছত আমেৰিকা, ইউৰোপ, আফ্ৰিকা আৰু দক্ষিণ এচিয়াৰ দেশসমূহত কিছু সময়ৰ বাবে ৰেডিঅৰ সংযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছিল।
নাছাৰ বিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিছে যে, যদিহে সূৰ্যৰ এই অংশত একেৰাহে এনেকৈ বিস্ফোৰণ সংঘটিত হৈ থাকে তেন্তে সমগ্ৰ পৃথিৱীতে চেটেলাইট ছিগনেল, মোবাইল নেটৱৰ্ক, ৰেডিঅৰ সংযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিব। বিগত কিছুদিনৰ পৰা নাছাৰ বিজ্ঞানী সকলে এই সমগ্ৰ পৰিঘটনাৰ ওপৰত চকু ৰাখিছে আৰু ইয়াৰ পৰা হব পৰা সমস্যাক লৈ বিশ্ববাসীক অৱগত কৰিবলৈ চেষ্টা চলাই আছে।