চন্দ্ৰৰ বুকুত সন্ধান পোৱা গ’ল চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ

চন্দ্ৰৰ বুকুত সন্ধান পোৱা গ’ল চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ

author-image
asomiyapratidin
New Update
চন্দ্ৰৰ বুকুত সন্ধান পোৱা গ’ল চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ

ডিজিটেল ডেস্কঃ অৱশেষত চন্দ্ৰৰ বুকুত সন্ধান পোৱা গ'ল লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষ। মাৰ্কিন মহাকাশ গৱেষণা সংস্থাই এক টুইটযোগে চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ সন্ধান পোৱাৰ বিষয়ে জানিবলৈ দিয়ে। নাছাৰ উপগ্ৰহৰ এল আৰ অ' কেমেৰাত ধৰা পৰে এই ধ্বংসাৱশেষৰ ছবি।

Advertisment

যোৱা ২৬ ছেপ্তেম্বৰত চন্দ্ৰপৃষ্ঠৰ যি ঠাইত বিক্ৰম ধ্বংসাৱশেষত পৰিণত হৈছিল, সেই ঠাইৰ ছবি প্ৰকাশ কৰিছে নাছাই। এই ছবিসমূহ তোলা হৈছে নাছাৰ উপগ্ৰহৰ এল আৰ অ' কেমেৰাৰে। সেই আলোকচিত্ৰৰে এটা অংশক বিক্ৰমৰ ধ্বংসাৱশেষ বুলি দাবী কৰে ভাৰতীয় কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু পেছাত এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ সুব্ৰক্ষণ্যমে।

নাছাই প্ৰকাশ কৰা আলোকচিত্ৰত সেই ঠাইখিনিক 'এছ' বুলি চিহ্নিত কৰা হৈছে। নাছাৰ প্ৰকাশিত ছবিত নীলা আৰু সেউজীয়া ৰঙৰ জৰিয়তে লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষ হিচাপে চিহ্নিত কৰা হৈছে। সূত্ৰৰ খবৰ অনুসৰি, নীলা ৰঙৰ দ্বাৰা আলোকচিত্ৰত বিক্ৰমৰ ধ্বংসাৱশেষ আৰু সেউজীয়া ৰঙৰ দ্বাৰা লেণ্ডাৰ বিক্ৰম ভাঙি পৰা চন্দ্ৰ পৃষ্ঠৰ মাটি বুলি দাবী কৰা হৈছে।


— ANI Digital (@ani_digital) December 3, 2019

উল্লেখ্য যে, যোৱা ৭ ছেপ্তেম্বৰত চন্দ্ৰ পৃষ্ঠত সফল অৱতৰণৰ মাত্ৰ কিছু সময় পূৰ্বে চন্দ্ৰযান-২ৰ অৰবিটাৰৰ সৈতে সংযোগ বিচ্চিন্ন হৈ পৰে লেণ্ডাৰ বিক্ৰমৰ। চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ২.১ কিলোমিটাৰ ওপৰত লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্চিন্ন হৈ পৰিছিল। তাৰ পিছত লেণ্ডাৰ বিক্ৰমৰ সৈতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সংযোগ স্থাপনৰ বাবে চেষ্টা চলায় যদিও বিফল হয়।