সত্ৰৰ মহিৰূহ বশিষ্ঠ দেৱ শৰ্মাৰ বিয়োগত নৰোৱা সত্ৰৰ সত্ৰাধিকাৰৰ শোক প্ৰকাশ...

author-image
Asomiya Pratidin
New Update
সত্ৰৰ মহিৰূহ বশিষ্ঠ দেৱ শৰ্মাৰ বিয়োগত  নৰোৱা সত্ৰৰ সত্ৰাধিকাৰৰ শোক প্ৰকাশ...

batradava

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, বৈষ্ণৱ পণ্ডিত বশিষ্ঠ দেৱ শৰ্মাৰ বিয়োগত সমগ্ৰ ৰাজ্যৰ লগতে মহাপুৰুশ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাতো শোকৰ ছাঁ পৰিছে। আজি বিয়লি ৪-৫৬ বজাত জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰা পণ্ডিত প্ৰবৰ বশিষ্ঠ দেৱ শৰ্মাৰ বিয়োগত বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

Advertisment

বটদ্ৰৱাৰ ভকত, বৈষ্ণৱৰ হৈ প্ৰেৰণ কৰা এক শোক বাৰ্তাত সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে কয় যে- দুয়োজনা গুৰুৰ কলা,কৃষ্টি প্ৰচাৰ আৰু প্ৰসাৰত গোটেই জীৱন কাম কৰি যোৱা এগৰাকী আমাৰ পথ প্ৰদৰ্শক, সেনাপতি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক হেৰুৱাই আমি বৰ দুখ পাইছো। তেওঁ এগৰাকী পুৰোধা ব্যক্তি। সত্ৰৰ মহীৰূহ সদৃশ আছিল বশিষ্ঠ দেৱ শৰ্মা। তেওঁৰ পৰলোকপ্ৰাপ্তিত দুখ অনুভৱ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

ইয়াৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠ দেৱ শৰ্মাৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে তেওঁ য'তেই আছে তাৰ পৰাই আশীৰ্বাদ যি যাব বুলিও আশা ব্যক্ত কৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে।

bashishtha dev sarma barpeta satra BATRADAVA