মানুহৰ জীৱন সলনি কৰাত সংবাদ মাধ্য়মে সকৰাত্মক ভূমিকা পালন কৰিব পাৰে: মোডী

মানুহৰ জীৱন সলনি কৰাত সংবাদ মাধ্য়মে সকৰাত্মক ভূমিকা পালন কৰিব পাৰে: মোডী

author-image
asomiyapratidin
New Update
মানুহৰ জীৱন সলনি কৰাত সংবাদ মাধ্য়মে সকৰাত্মক ভূমিকা পালন কৰিব পাৰে: মোডী

ডিজিটেল ডেস্ক: সংবাদ মাধ্যমে মানুহৰ জীৱন সলনি কৰাত সকৰাত্মক ভূমিকা পালন কৰিব পাৰে- শুকুৰবাৰে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। স্বচ্ছ ভাৰত মিছন, যোগ, স্বাস্থ্য, বেটি বচাও বেটি পঢ়াও আদি চৰকাৰৰ আঁচনি সমূহৰ বিষয়ে মানুহৰ মাজচ জনপ্ৰিয়তা বৃদ্ধি কৰাত সংবাদ মাধ্যমৰ ভূমিকা অধিক বুলি কয়।

Advertisment

প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰমুখ মালায়লমৰ দৈনিক 'মাতৃভূমি'ৰ শতাব্দী বৰ্ষ সমাৰোহ অনলাইন মাধ্যমেৰে উদঘাটন কৰি কয় এই মন্তব্য আগবঢ়াই।

তেওঁ কয় যে চৰকাৰৰ কিছুমান আঁচনি জনপ্ৰিয় কৰাত সংবাদ মাধ্যমৰ ভূমিকা গুৰুত্বপূৰ্ণ।  এই আঁচনি সমূহ ৰাজনীতি আৰু ৰাজনৈতিক দলৰ পৰা পৃথক।ইয়ে ভাৰতচক পৰৱৰ্তী সময়ত এখন উন্নত ৰাষ্ট্ৰ বনোৱাত সহায় কৰিব।

উল্লেখ্য যে, কেৰলৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নেও এই কাৰ্যক্ৰমত অনলাইনৰ মাধ্যমেৰে অংশ গ্ৰহণ কৰে।ইয়াৰোপৰি আৰু কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে।

narendra modi india