সাংসদসকলৰ বাবে ১৮৪ টা আৱাস আনুষ্ঠানিকভাৱে উদ্বোধন প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰীয়ে আজি সেন্দূৰ গছৰ এটি পুলিও ৰোপণ কৰে আৰু শ্রমজীৱিসকলৰ সৈতে মত বিনিময় কৰে। লগতে জনসাধাৰণক উদ্দেশ্যিও শ্ৰী মোডীয়ে ভাষণ দিয়ে।

New Update
1

ডিজিটেল ডেস্কঃ  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নতুন দিল্লীৰ বাবা খৰকসিং মাৰ্গত সাংসদসকলৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ১৮৪ টা আৱাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰি সাংসদসকলক এক ডাঙৰ উপহাৰ প্ৰদান কৰে

Advertisment

 উল্লেখযোগ্য যে টাইপ ছেভেন আৰ্হিৰে এই কেইবামহলীয়া ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। এই উপলক্ষে প্রধানমন্ত্ৰীয়ে আজি সেন্দূৰ গছৰ এটি পুলিও ৰোপণ কৰে আৰু শ্রমজীৱিসকলৰ সৈতে মত বিনিময় কৰে। লগতে জনসাধাৰণক উদ্দেশ্যিও শ্ৰী মোডীয়ে ভাষণ দিয়ে। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীক সংগ দিয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰ, কিৰেন ৰিজিজুৱে।

প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে, প্রায় ৫,০০০ বৰ্গফুট এই বৃহৎ আৱাসিক চৌহদটোত কার্যালয়, কৰ্মচাৰীৰ আৱাস আৰু সামুহিক কেন্দ্ৰৰ বাবে নিৰ্ধাৰিত স্থান সুকীয়াকৈ ৰখাৰ পৰিপ্ৰেক্ষিতত সাংসদসকলে জনপ্রতিনিধি হিচাপে নিজৰ দায়িত্ব সুকলমে পালন কৰিব পাৰিব বুলি আশা কৰা হৈছে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, এই বহুমহলীয়া অট্টালিকাসমূহত ১৮০ জনতকৈ অধিক সাংসদে একেলগে থাকিব পাৰিব। পৰ্যাপ্ত সংখ্যক সাংসদ বাসগৃহৰ অভাৱত চৰকাৰী ব্যয় অতি বেছি আছিল। সাংসদ বাসগৃহৰ অভাৱ হোৱাৰ পিছতো ২০১৪ চনলৈকে কোনো নতুন বাসগৃহ নিৰ্মাণ কৰা নহ’ল। এই কামটো আমি প্ৰচাৰ হিচাপে লৈছিলো।

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ চাৰিখন বিখ্যাত নদীৰে আৱাসৰ ৪ টা টাৱাৰৰ নাম ৰখা হৈছে - কৃষ্ণ, গোদাবৰী, কোছি, হুগলী, যিয়ে কোটি কোটি মানুহক জীৱন প্ৰদান কৰে। 

নৰেন্দ্ৰ মোডী