বিমষ্টেক সন্মিলনত অংশ ল'বলৈ থাইলেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী মোডী...

বেংককত উপস্থিত হোৱা পাছতে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলে তেওঁক “মোডী মোডী,বন্দে মাতৰম” ধ্বনিৰে সম্ভাষণ জনায়। থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী সূৰিয়া জংগ্ৰুংগ্ৰেংকিটে কেইবাজনো উচ্চপদস্থ বিষয়াৰ সৈতে বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনায়। 

author-image
Asomiya Pratidin
New Update
vbnnnn

ডিজিটেল ডেস্কঃ  দুদিনীয়া ভ্ৰমণসূচীৰে থাইলেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণকালতে শুকুৰবাৰে বিমষ্টেকৰ ষষ্ঠ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। লগতে বেংককত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাৰ সৈতে আলোচনাত মিলিত হ’ব।

Advertisment

বেংককত উপস্থিত হোৱা পাছতে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলে তেওঁক “মোডী মোডী,বন্দে মাতৰম” ধ্বনিৰে সম্ভাষণ জনায়। থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী সূৰিয়া জংগ্ৰুংগ্ৰেংকিটে কেইবাজনো উচ্চপদস্থ বিষয়াৰ সৈতে বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনায়। 

উল্লেখযোগ্য যে, বিমষ্টেক দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ তেওঁ আগন্তুক তিনি দিনৰ বাবে থাইলেণ্ড আৰু শ্ৰীলংকাত থাকিব বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে। লগতে বিমষ্টেক সন্মিলনত অংশগ্ৰহণকে ধৰি বিভিন্ন কাৰ্যসূচীৰ কথাও তেওঁ উল্লেখ কৰিছে। এই ভ্ৰমণকালতে তেওঁ থাইলেণ্ডৰ ৰজা মহা ভাজিৰালোংকৰ্ণকো লগ কৰিব ।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে আঞ্চলিক নেতাসকলৰ সৈতে যোগাযোগ কৰি বহু খণ্ডৰ কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে বে অৱ বেংগল ইনিচিয়েটিভ (বিমষ্টেক)ৰ ভিতৰত সহযোগিতাৰ মূল ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰিব।

এই সন্মিলনে সদস্য দেশসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ বাবে এক মঞ্চ হিচাপে কাম কৰিব, আঞ্চলিক উন্নয়ন, সংযোগ আৰু অৰ্থনৈতিক অগ্ৰগতিৰ দৰে বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।উল্লেখ কৰা প্ৰয়োজন যে, ৭খন দেশৰ আঞ্চলিক গোট বিমষ্টেকত দক্ষিণ এছিয়াৰ পাঁচখন ৰাষ্ট্ৰ ক্ৰমে- বাংলাদেশ, ভূটান, ভাৰত, নেপাল আৰু শ্ৰীলংকা আৰু দক্ষিণ-পূব এছিয়াৰ দুখন দেশ ম্যানমাৰ আৰু থাইলেণ্ড অন্তৰ্ভুক্ত কৰা হৈছে।

 

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী