ট্ৰাম্পৰে মোডীৰ টেলিফোনিক বাৰ্তালাপঃ স্পষ্ট কৰিলে আমেৰিকাৰ 'চাপ'ৰ বাবে যুদ্ধ বিৰতি ঘোষণা কৰা নাছিল

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে দুয়োগৰাকী নেতাৰ মাজৰ এই টেলিফোনিক বাৰ্তালাপৰ কথা নিশ্চিত কৰিছে আৰু দুয়োৰে মাজৰ আলোচনাৰ বিষয়বস্তুৰ কথাও প্ৰকাশ কৰিছে। 

author-image
Asomiya Pratidin
New Update
ট্ৰাম্পৰে মোডীৰ টেলিফোনিক বাৰ্তালাপঃ স্পষ্ট কৰিলে আমেৰিকাৰ 'চাপ'ৰ বাবে যুদ্ধ বিৰতি ঘোষণা কৰা নাছিল

ডিজিটেল ডেস্কঃ বুধবাৰে দিনৰ ১ বজাত ড’নাল্ড ট্ৰাম্পৰে পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰৰ বন্ধ কোঠাত হব গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকক লৈ বিশ্বৰ কূটনৈতিক মহল ব্যস্ত হৈ পৰাৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে  মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এক দীঘলীয়া টেলিফোনিক বাৰ্তালাপত মিলিত হৈছে।

Advertisment

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে দুয়োগৰাকী নেতাৰ মাজৰ এই টেলিফোনিক বাৰ্তালাপৰ কথা নিশ্চিত কৰিছে আৰু দুয়োৰে মাজৰ আলোচনাৰ বিষয়বস্তুৰ কথাও প্ৰকাশ কৰিছে। 

প্ৰায় ৩৫ মিনিট সময় ধৰি হোৱা এই টেলিফোনিক বাৰ্তালাপৰ সময়তে প্ৰধানমন্ত্ৰী মোডীয়ে ট্ৰাম্পক ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত বিতংভাৱে অৱগত কৰে। কেৱল সেয়াই নহয়, ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধবিৰতি কাৰো মধ্যস্থতাৰ বাবে নাই হোৱা বুলিও স্পষ্ট কৰিছে। এই যুদ্ধ বিৰতিৰ বিষয়টোৰ সৈতে বাণিজ্যৰ বিষয়টোও জড়িত নাছিল বুলি জনাইছে।

উল্লেখ্য যে, ‘অপাৰেচন সিন্দূৰ’ৰ পিছত মোডী আৰু ট্ৰাম্পৰ মাজত এয়া প্ৰথম টেলিফোনিক প্ৰত্যক্ষ বাৰ্তালাপ। সেই কথা উল্লেখ কৰি বিক্ৰম মিশ্ৰীয়ে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় সংকল্পৰ বিষয়ে মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। 

তেওঁ ট্ৰাম্পক কয় যে পাকিস্তানৰ ‘বন্দুকৰ গুলী’ৰ প্ৰতি ভাৰতে ‘বন্দুকৰ গুলী’ৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। একে সময়তে ৯ মে’ত মোডী আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ মাজত হোৱা টেলিফোনিক কথোপকথনৰ বিষয়েও ট্ৰাম্পক অৱগত কৰা হৈছে।

মিশ্ৰীয়ে কয় যে ভেন্সে মোডীক কৈছিল যে পাকিস্তানে ভাৰতৰ ওপৰত বৃহৎ আক্ৰমণ চলাব পাৰে। ইয়াৰ উত্তৰত মোডীয়ে ভেন্সক কয় যে, যদি এনে ঘটনা সংঘটিত হয় তেন্তে ভাৰতে আৰু তাতকৈ বৃহত সঁহাৰি দিব। এই বিষয়টোও মোডী-ট্ৰাম্পৰ ফোন কলত উত্থাপন হয়। 

মোডীয়ে ট্ৰাম্পক কয়, "পাকিস্তানৰ আক্ৰমণৰ প্ৰতি ভাৰতে উপযুক্ত প্ৰত্যুত্তৰ দিলে। আমি তেওঁলোকৰ সামৰিক শিবিৰ ধ্বংস কৰিলোঁ। ভাৰতৰ প্ৰত্যাক্ৰমণৰ পিছতহে পাকিস্তানে যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিলে।"

মোডীয়ে ট্ৰাম্পক কয় যে সমগ্ৰ ভাৰত-পাকিস্তান সংঘাত আৰু তাৰ পাছৰ যুদ্ধবিৰতিৰ সময়ত কোনো কাৰণতে ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি বা আমেৰিকাৰ মধ্যস্থতা সম্পৰ্কে কেতিয়াও কোনো আলোচনা হোৱা নাছিল। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ বিষয় দুয়োখন দেশৰ সামৰিক পৰ্যায়ত পোনপটীয়াকৈ আলোচনা কৰা হৈছে। মোডীয়ে জোৰ দি কয় যে ভাৰতে কেতিয়াও মধ্যস্থতা গ্ৰহণ কৰা নাই, এতিয়াও গ্ৰহণ নকৰে, ভৱিষ্যতেও গ্ৰহণ নকৰে। 

 

নৰেন্দ্ৰ মোডী পাকিস্তান ড'নাল্ড ট্ৰাম্প