প্ৰথম স্থানত জৱাহৰলাল নেহৰু! দ্বিতীয় স্থানত নৰেন্দ্ৰ মোডী...

ইন্দিৰা গান্ধীক চেৰ পেলালে নৰেন্দ্ৰ মোডীয়। দেশৰ সৰ্বাধিক সময় ধৰি প্ৰধানমন্ত্ৰী হৈ থকা দ্বিতীয়গৰাকী ব্যক্তিৰ আসন দখল কৰিলে নৰেন্দ্ৰ মোডীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, দেশৰ সৰ্বাধিক

author-image
Asomiya Pratidin
New Update
inda

ডিজিটেল ডেস্কঃ ইন্দিৰা গান্ধীক চেৰ পেলালে নৰেন্দ্ৰ মোডীয়। দেশৰ সৰ্বাধিক সময় ধৰি প্ৰধানমন্ত্ৰী হৈ থকা দ্বিতীয়গৰাকী ব্যক্তিৰ আসন দখল কৰিলে নৰেন্দ্ৰ মোডীয়ে। 

উল্লেখ কৰা প্ৰয়োজন যে, দেশৰ সৰ্বাধিক সময় ধৰি প্ৰধানমন্ত্ৰী হৈ থকা তালিকাখনৰ শীৰ্ষত এতিয়াও আছে জৱাহৰলাল নেহৰু। তেওঁ ১৯৪৭চনৰ ২৭মেৰ পৰা ১৯৬৪চনলৈকে ধাৰাবাহিকভাৱে  ৬১২৬দিনৰ বাবে প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল।

জৱাহৰলাল নেহৰুৰ পিছতে এতিয়া স্থান লাভ কৰিছে নৰেন্দ্ৰ মোডীয়ে। ২০২৫, ২৫জুলাইলৈকে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে পাৰ কৰিলে ৪০৭৮টা দিন। ইয়াৰ পিছতে নৰেন্দ্ৰ মোডীয়ে ইন্দিৰা গান্ধীৰ ৰেকৰ্ড ভংগ কৰিলে। 

ইন্দিৰা গান্ধীয়ে ১৯৬৬চনৰ ২৪জানুৱাৰীৰ পৰা ১৯৭৭চনৰ ২৪মাৰ্চৰ লৈকে মুঠ ৪০৭৭দিন প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী