Advertisment

ড০ মনমোহন সিঙৰ সমৰ্থনত পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক উভতি ধৰিছিল নৰেন্দ্ৰ মোডীয়ে

ৰাজনীতিৰ ক্ষেত্ৰত কোনো, কাৰো স্থায়ী মিত্ৰ অথবা স্থায়ী শত্ৰু নহয়। ৰাজনৈতিক মতাদৰ্শত থাকিব পাৰে তফাৎ। আদৰ্শ হ’ব ভিন্ন অথবা মত বিৰোধ থকাটো স্বাভাৱিক। একেই আদৰ্শৰ ব্যক্তি হ’লেও মত বিৰোধ থাকিব পাৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
modi

modi

ডিজিটেল ডেস্ক : ৰাজনীতিৰ ক্ষেত্ৰত কোনো, কাৰো স্থায়ী মিত্ৰ অথবা স্থায়ী শত্ৰু নহয়। ৰাজনৈতিক মতাদৰ্শত থাকিব পাৰে তফাৎ। আদৰ্শ হ’ব ভিন্ন অথবা মত বিৰোধ থকাটো স্বাভাৱিক। একেই আদৰ্শৰ ব্যক্তি হ’লেও মত বিৰোধ থাকিব পাৰে।

Advertisment

ড০ মনমোহন সিং আৰু নৰেন্দ্ৰ মোডী দুটা বেলেগ বেলেগ আদৰ্শসম্পন্ন ৰাজনৈতিক দলৰ দুজন নেতা। ইজনৰ মতাদৰ্শ আনজনৰ সৈতে নিমিলে। এজন কংগ্ৰেছৰ, আনজন বিজেপিৰ নেতা। তথাপি মনমোহন সিঙৰ ব্যক্তিত্বই সময়ে সময়ে মোহিত কৰিছিল নৰেন্দ্ৰ মোডীক। 

কেৱল ইমানেই নহয়, সহজ- সৰল ব্যক্তিত্বসম্পন্ন মনমোহন সিঙৰ সমৰ্থন মন্তব্য প্ৰদান কৰিছিল এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সেয়া আছিল ২০১৩ চনৰ কথা। দেশৰ শাসনত আছিল কংগ্ৰেছ চৰকাৰ। প্ৰধানমন্ত্ৰী আছিল ড০ মনমোহন সিং। বিৰোধীৰ শিবিৰত আছিল নৰেন্দ্ৰ মোডী।

উক্ত সময়ছোৱাত পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে ড০ মনমোহন সিং সম্পৰ্কত আগবঢ়াইছিল এক বিতৰ্কিত মন্তব্য। শ্বৰীফৰ মন্তব্যৰ পাছতে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ ক্ৰিয়া- প্ৰতিক্ৰিয়াৰ। ২০১৩ৰ এখন ৰাজহুৱা সভাত পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে ভাৰতৰ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক “মহিলা”( দেহাতী ঔৰত) বুলি তাচ্চিল্যসূচক মন্তব্য কৰিছিল। ইয়াৰ পাছতে দেশৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছিল ক্ৰিয়া- প্ৰতিক্ৰিয়াৰ।

এনে সময়তে বিজেপি নেতা নৰেন্দ্ৰ মোডীয়ে ড০ মনমোহন সিঙৰ সমৰ্থনত থিয় দিছিল। নাৱাজ শ্বৰীফক সমালোচনাৰে থকা- সৰকা কৰি দিছিল মোডীয়ে। মনমোহন সিঙক মহিলা বুলি ক’বলৈ শ্বৰীফৰ ‘ঔকাত’ কি বুলি প্ৰশ্ন তুলি তীক্ষ্ণ সমালোচনা কৰিছিল মোডীয়ে। 

মোডীয়ে কৈছিল- এয়া দেশৰ ১.২৫ বিলিয়ন জনতাৰ বাবে অপমান। আমাৰ ৰাজনৈতিক আদৰ্শ যিয়েই নহওক কিয় ড০ সিঙ কিন্তু দেশৰ ১.২৫ বিলিয়ন জনতাৰ প্ৰধানমন্ত্ৰী। 

শ্বৰীফে এগৰাকী প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এনে অশোভনীয় মন্তব্য কৰাটো উচিত নহয় বুলি প্ৰত্যুত্তৰ দিছিল মোডীয়ে। ড০ মনমোহন সিং এগৰাকী ব্যক্তিত্ব সম্পন্ন লোক, তেনে এগৰাকী ব্যক্তিৰ বিৰুদ্ধে এইধৰণৰ মন্তব্য অশোভনীয় বুলি মোডীয়ে উভতি ধৰিছিল নৱাজ শ্বৰীফক।

ড০ মনমোহন সিং narendra modi