ৰাষ্ট্ৰপতি ভৱনত দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰীৰ...

সভাৰ সবিশেষ ততাতৈয়াকৈ জানিব পৰা হোৱা নাছিল। ৰাষ্ট্ৰপতি ভৱনে এক্সত কয় যে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। সভাৰ সবিশেষ ততাতৈয়াকৈ জানিব পৰা হোৱা নাছিল। ৰাষ্ট্ৰপতি ভৱনে এক্সত কয় যে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰত বিশেষ নিবিড় সংশোধন (SIR)ৰ সন্দৰ্ভত আলোচনাৰ বাবে বিৰোধীয়ে দাবী উত্থাপন কৰি সংসদত অচলাৱস্থাৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অনুষ্ঠিত হোৱা বুলি ধাৰণা কৰা হৈছে।

উল্লেখযোগ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু নতুন দিল্লীয়ে ৰাছিয়াৰ সামৰিক সঁজুলি লগতে তেল ক্ৰয় কৰাৰ বাবে অনিৰ্দিষ্ট জৰিমনা ঘোষণা কৰাৰ কিছুদিন পিছতে ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী শ্বাহ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু