/asomiyapratidin/media/media_files/2025/08/19/1-2025-08-19-15-56-40.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে পাকিস্তানৰ সৈতে কৰা সিন্ধু জল চুক্তিৰ ফলত ভাৰতৰ কোনো লাভ নহ’ল বুলি প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে স্বীকাৰ কৰিছে।
তেওঁ কয় যে, জৱাহৰলাল নেহৰুৱে দুবাৰকৈ দেশখন বিভাজন কৰিছিল, এবাৰ ৰেডক্লিফ লাইনৰ জড়িয়তে, আৰু আন এবাৰ সিন্ধু জল চুক্তিৰ সময়ত, য’ত দেশৰ নদীৰ ৮০ শতাংশ পানী পাকিস্তানক দিয়া হৈছিল। এই চুক্তি কৃষক বিৰোধীও আছিল।
সূত্ৰ অনুসৰি, পৰৱৰ্তী সময়ত জৱাহৰলাল নেহৰুৱে সচিবৰ জৰিয়তে নিজৰ ভুল স্বীকাৰ কৰিছিল, এই চুক্তিৰ দ্বাৰা ভাৰতৰ কোনো লাভ নহ'ল বুলি তেওঁ উল্লেখ কৰিছিল। এই কথা আজি এন ডি এ সংসদীয় বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে জানিবলৈ দিয়ে।
বৈঠকত উপস্থিত থকা বিজেপিৰ সাংসদ জগদাম্বিকা পালে সিন্ধু জল চুক্তি স্বাক্ষৰ কৰাৰ বাবে জৱাহৰলাল নেহৰুৱে প্ৰতাৰণা কৰা বুলি অভিহিত কৰি কয় যে ইয়াৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে সংসদৰ অনুমোদন ল’ব লাগিছিল।
তেওঁ কয়, দেশক প্ৰতাৰণা কৰা হৈছে। গণতান্ত্ৰিক নিৰ্বাচনত যদি জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী আছিল তেন্তে ইয়াৰ বাবে সংসদৰ অনুমোদন ল'ব লাগিছিল। কেবিনেট আৰু সংসদৰ আস্থা অবিহনে তেওঁ পাকিস্তানলৈ গৈছিল আৰু চুক্তিত স্বাক্ষৰ কৰি অকলে উভতি আহিছিল। এয়া আমাৰ কৃষকৰ প্ৰতি বিশ্বাসঘাতকতা।'