/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/covid.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: সত্ৰীয়া সংস্কৃতিৰ গৱেষক, বৈষ্ণৱ পণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অসম চৰকাৰৰ ২০২১ বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বঁটাৰে সন্মানিত আৰু বৰ্তমান বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সভাপতি ড০ নৰেন কলিতা ক'ভিডত আক্ৰান্ত ।
যোৱা ২০ জুলাই পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে নৰেন কলিতা। বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ উপ-সভাপতি অতুল মহন্ত, সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, সাংবাদিক দিব্যজ্যোতি বৰুৱা, কন্দৰ্প কুমাৰ কলিতা, শিল্পী ৰঞ্জিত মহন্ত, সাহিত্যিক দিলীপ কুমাৰ নাথকে আদিকে ধৰি গুণমুদ্ধই তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।
ব্যক্তি গৰাকীক সোনকালে সুস্থ হোৱাৰ কামনা কৰি বটদ্ৰৱাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে অনুষ্ঠানৰ কৰ্মকৰ্তা সকলে বটদ্ৰৱাৰ দৌলমন্দিৰ, কীৰ্তনঘৰ আৰু পদশিলাত চাকি জ্বলাই বিশিষ্ট বৈষ্ণৱ পণ্ডিত তথা সাহিত্যিক গৰাকীৰ ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছে।