/asomiyapratidin/media/media_files/2025/05/02/GFnEfWUmeBANSitc9wpk.jpg)
ডিজিটেল সংবাদ, উৰিয়ামঘাট : পঞ্চায়ত নিৰ্বাচনত আৰক্ষী প্ৰশাসন সকলো ব্যস্ত থকাৰ সুবিধা লৈ ড্ৰাগছ সৰবৰাহত ব্যস্ত ড্ৰাগছ মাফিয়া। সৰুপথাৰ সমজিলা অসম- নাগালেণ্ড সীমান্তৰ ১ নং চুঙাজানৰ নাওঘাটত বৃহস্পতিবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।
গোলাঘাট জিলাৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী বিষয়া জন দাস, সৰুপথাৰ সমজিলা আৰক্ষী বিষয়া দ্বীপেন পাতৰ, বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুষ্টম ৰাজ ব্ৰহ্ম, চুঙাজান আৰক্ষী থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়া মনোজ হাতীমূৰীয়া আৰু ১৫৫ নং চি আৰ পি এফৰ এটা বৃহৎ দলে যুটীয়াভাৱে অভিযান চলাই এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, এখন ব’লেৰ বাহনত ড্ৰাগছখিনি মণিপুৰৰ পৰা অসম -নাগালেণ্ড সীমান্ত হৈ বোকাজান অভিমুখে আনি থকাৰ অৱস্থাত আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে। বাহনখনৰ নম্বৰ হৈছে AS 09 J4268 ।
বাহনখনৰ লগতে লোকজনৰ পৰা এটা মোবাইল ফোন, আধাৰ কাৰ্ড, পানকাৰ্ড আদি জব্দ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। গাড়ীখনৰ চিতৰ তলত গোপন চেম্বাৰ বনাই চাবোনৰ বাকচত পলিথিনেৰে মেৰিয়াই লুকুৱাই আনিছিল ড্ৰাগছখিনি ।
সৰ্বমুঠ ৪৯ টা চাবোনৰ বাকচত ৬৭১.৯২ গ্ৰাম ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱাৰ মতে ইয়াৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা হ’ব। উক্ত লোকজনৰ নাম আছিদূল আলি। পিতৃৰ নাম মহম্মদ আলি, ঘৰ বোকাজান জ্যোতি নগৰ ৱাৰ্ড নং ৬ বুলি জানিব পৰা গৈছে। সীমান্ত অঞ্চলটোৰে এনেদৰে সঘনাই ড্ৰাগছ সৰবৰাহ কৰাত চিন্তিত হৈ পৰিছে সচেতন ৰাইজ।