/asomiyapratidin/media/media_files/2025/03/02/FnAyS5PZiqK8UrWYyJsh.jpg)
পৃথক অভিযানত কাছাৰত ডেৰ কোটি টকাৰ নিচাযুক্ত দ্ৰব্য জব্দ
ডিজিটেল সংবাদ, শিলচৰ : কাছাৰত পুনৰ ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ। ধলাই আৰু লক্ষীপুৰত পৃথক অভিযান চলাই আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে।
পৃথক পৃথকভাৱে ধলাইৰ সপ্তগ্ৰামত আৰু লক্ষীপুৰত দুখন বাহনত তালাচী চলাই ২৬ টা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ জব্দ কৰে আৰক্ষীয়ে। ইয়াৰে ধলাইত এখন বলেৰো পিক আপ ভেনৰ ছাউণ্ড বক্সৰ পৰা ১৬ টা আৰু লক্ষীপুৰত এখন স্কুটীৰ পৰা ১০ টা চাবোনৰ বাকচ জব্দ কৰা হয়।
আটাইকেইটা বাকচৰ পৰা মুঠ ৩১০ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা হেৰ'ইনখিনিৰ ক'লা বজাৰত মূল্য প্ৰায় ১ কোটি ৫০ লাখ টকা। ড্ৰাগছ সৰবৰাহৰ অভিযোগত লক্ষীপুৰ আৰক্ষীয়ে এজনক আটক কৰিছে যদিও ধলাইত বাহন এৰি পলায়ন কৰে সৰবৰাহকাৰী।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us