কুঁহিয়াৰবাৰীত ১০ লাখ টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ...

কুঁহিয়াৰবাৰীত ১০ লাখ টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ, আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰীৰ এজনৰ নাম ছাদিকুল ইছলাম আৰু আনজনৰ নাম ছাবদুল আলি।

author-image
Asomiya Pratidin
New Update
১০ লাখ টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ

ডিজিটেল সংবাদ, বিহালী : বুধবাৰে বিয়লি বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত কুঁহিয়াবাৰীত শোণিতপুৰ জিলা আৰক্ষী আৰু বিশ্বনাথ জিলা আৰক্ষীৰ যুটীয়া অভিযানত ১০ লাখ টকাৰ অবৈধ ড্ৰাগছ জব্দ কৰে। লগতে দুই কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আটক কৰে।

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে নগাঁও জিলাৰ পৰা লক্ষীমপুৰ জিলাৰ লালুকলৈ এখন আল্ট্ৰা বাছত সৰবৰাহ কৰি লৈ গৈ থকা অৱস্থাত বিহালীৰ কুঁহিয়াৰবাৰীত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰীৰ এজনৰ নাম ছাদিকুল ইছলাম আৰু আনজনৰ নাম ছাবদুল আলি।

দুই সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে প্ৰায় ৫৪ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছে। তথ্য অনুসৰি বিশ্বনাথ জিলা আৰক্ষীয়ে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবেজিনজিয়া আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰাখিছে ।

bihali