/asomiyapratidin/media/media_files/2025/04/23/4apgrLQ6MhowDyjDnpsq.jpg)
ডিজিটেল সংবাদ, শিলচৰ : নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে পৃথক পৃথক অভিযানত চলাই কাছাৰ আৰক্ষীয়ে বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। বুধবাৰে শিলচৰ- আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ শিলডুবিত অভিযান চলাই এখন অটোৰিক্সাৰ পৰা ১০ হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰিছে ।
টেবলেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে চাহিদ আহমেদ লস্কৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে । ধৃত লোকজনৰ ঘৰ ধলাই থানা এলেকাৰ বাঁচগাৱত।
আনহাতে, শিলচৰ মেডিকেল কলেজ হাস্পতালৰ ওচৰৰ দাসপাৰাৰ ড্ৰাগছ ব্যৱসায়ী জয়দীপ দাসৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে হেৰ'ইনভৰ্তি ৩৯ টা আৰু খালী ৫২০ টকা প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰিছে। ইফালে, যোৱা সোমবাৰে ধলাই এলেকাৰ চালগংগাৰ পৰা চেলিম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰা হয়। ধৃত লোক জনৰ ঘৰ কাটিগৰাৰ চন্দিনগৰত ।
তিনিও ঠাইৰ পৰা জব্দ কৰা নিচাজাতীয় সামগ্ৰী খিনিৰ ক'লা বজাৰত মূল্য প্ৰায় ৪ কোটি ১ লাখ টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।