Advertisment

দক্ষিণ শালমাৰা-মানকাচৰত অব্যাহত আছে নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় : অভিযানত গ্ৰেপ্তাৰ মাফিয়া...

এক গোপন সূত্ৰৰ ভিত্তিত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাস আৰু দক্ষিণ শালমাৰা থানাৰ উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই শালাকাটাৰ গোতলাপাৰা গাঁৱত অভিযান চলায়।

author-image
Asomiya Pratidin
New Update
mankachar

mankachar

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এটা চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে। এনে সময়ত বুধবাৰে পুৱতি নিশা প্ৰায় ২-০০ বজাত আৰক্ষীয়ে শালাকাটা এলেকাৰ পৰা হে’ৰইন, নিচাজাতীয় টেবলেটসহ এজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিছে।

Advertisment

উল্লেখযোগ্য যে, এক গোপন সূত্ৰৰ ভিত্তিত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাস আৰু দক্ষিণ শালমাৰা থানাৰ উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই শালাকাটাৰ গোতলাপাৰা গাঁৱত অভিযান চলায়। গাঁৱখনৰ আব্দুল ৰছিদ মণ্ডলৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই ৮৬৩ টা নিচাজাতীয় টেবলেট, ১০৩ টা কণ্টেনাৰ ভৰ্তি ১৭০ গ্ৰাম ওজনৰ হে’ৰইন, এটা মোবাইল ফোন, বাজাজ পালচাৰ ২২০ মটৰ চাইকেল আৰু আধাৰকাৰ্ডসহ আব্দুল ৰছিদ মণ্ডলৰ পুত্ৰ জিয়াৰুল মণ্ডলক কৰায়ত্ব কৰে। 

জানিব পৰা মতে আৰক্ষীয়ে থানাত আনি জেৰাৰ পাচত গ্ৰেপ্তাৰ কৰি আজি ফেকামাৰীস্থিত জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰে। ঘটনাৰ অধিক তদন্তৰ বাবে আৰক্ষীয়ে আদালতৰ পৰা ড্ৰাগছ মাফিয়া জিয়াৰুলক দুদিনৰ জিম্মাত বিচৰাত আদালাতে দুদিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছে। 

দক্ষিণ শালমাৰা আৰক্ষীয়ে ড্ৰাগছ মাফিয়াটোক দুদিন ধৰি থানাত জেৰা চলাই ঘটনাৰ লগত জড়িত অধিক ড্ৰাগছ মাফিয়া চক্ৰক কৰায়ত্ব কৰাৰ অভিযান আৰম্ভ কৰিছে। লক্ষ্যণীয় যে, বাংলাদেশ সীমান্তৱৰ্তী জিলাখনত দীৰ্ঘদিনৰ পৰাই এটা চক্ৰই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। 

জিলাখনৰ উপৰিও মেঘালয় আৰু বাংলাদেশত ড্ৰাগছ সৰবৰাহ কৰে জিলাখনৰ ড্ৰাগছ মাফিয়াসকলে। বিশেষকৈ চুবুৰীয়া বাংলাদেশত হিন্দী চিনেমাৰ কায়দাৰে কাটাতাঁৰৰ বেৰৰ ওপৰেদি ড্ৰাগছ দলিয়াই দি তিনি-চাৰিগুণ পৰ্যন্ত মুনাফা লাভ কৰে ড্ৰাগছ মাফিয়াসকলে। আৰক্ষীয়ে জিলাখনত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে যিমানেই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰক কিয় জিলাখনত কিন্তু ড্ৰাগছ মাফিয়াসকল এতিয়াও সক্ৰিয় হৈ থকা পৰিলক্ষিত হৈছে। 

অৱশ্য যোৱা প্ৰায় এমাহমান পূৰ্বে জিলাখনত নতুনকৈ যোগদান কৰা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসে ড্ৰাগছৰ বিৰুদ্ধে প্ৰায় প্ৰতিদিনে অভিযান অব্যাহত ৰাখিছে। ফলত ড্ৰাগছ মাফিয়াসকলৰ নিদ্ৰাহৰণ হোৱা পৰিলক্ষিত হৈছে। 

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ নেতৃত্বত মঙলবাৰে সন্ধিয়াৰ ভাগত মানকাচৰ আৰক্ষীৰ সহযোগত বাংলাদেশ সীমান্তৱৰ্তী জোৰডাঙা গাঁৱতো অভিযান চলাই এটা মহিলা ড্ৰাগছ সৰবৰাহকাৰীক ৪২ টা য়াবা টেবলেটসহ গ্ৰেপ্তাৰ কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক জোৰডাঙা প্ৰথম খণ্ড গাঁৱৰ নুৰ সাহা আলমৰ পত্নী লাকি সৰকাৰ (২৫) বুলি চিনাক্ত কৰা হৈছে। 

তেওঁৰ স্বামী বৰ্তমান পলাতক অৱস্থাত আছে। স্বামীৰ সৈতে একেলগে ড্ৰাগছ সৰবৰাহ কামত মহিলাগৰাকী জড়িত হৈ থকা বুলি আৰক্ষীয়ে গোপন তথ্য লাভ কৰি অভিযানৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিছে।

Assam police