নিলাম বজাৰত কেইবা কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে শ্ৰীভূমি জিলা আৰক্ষীৰ অভিযান অব্যাহত আছে। গোপন তথ্যৰ ভিত্তিত নিলাম বজাৰত অভিযান চলাই আৰক্ষীয়ে এখন বাইকৰ পৰা ৩০হেজাৰ য়াবা টেবলেট জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
430

ডিজিটেল সংবাদ, শিলচৰ : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে শ্ৰীভূমি জিলা আৰক্ষীৰ অভিযান অব্যাহত আছে। গোপন তথ্যৰ ভিত্তিত নিলাম বজাৰত অভিযান চলাই আৰক্ষীয়ে এখন বাইকৰ পৰা ৩০হেজাৰ য়াবা টেবলেট জব্দ কৰে।

জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ ক'লা বজাৰত মূল্য প্ৰায় ৬ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। ইফালে, ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ড্ৰাগছ মাফিয়া আব্দুল আজাদ নামৰ এজন লোকক আটক কৰিছে। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, দীৰ্ঘদিনৰ পৰা নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত আছিল ধৃত আব্দুল আজাদ। এই সন্দৰ্ভত নিলামবজাৰ থানাৰ আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

ইফালে, শ্ৰীভূমি জিলা আৰক্ষীয়ে এই বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্ৰীভূমি আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে। 

assampolice