/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f32a78f6-e2b7-4163-bd2c-617f2e4b5467/6.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ গাঞ্জা সহ গ্ৰেপ্তাৰ হৈছে জলজীৱন মিছনৰ নিৰ্মাণ কাৰ্যত জড়িত ৪জনকৈ মিস্ত্ৰী। প্ৰায় ৭ কে.জি. ৬০৪ গ্ৰাম গাঞ্জা সহ আৰক্ষীয়ে গহপুৰৰ উত্তৰ ঘাঁহিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মিস্ত্ৰী কেইজনক।ঘাঁহিগাঁও আৰক্ষী চকীৰ আই চি ৰাজদ্বীপ নেৱাৰ আৰু হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় শইকীয়াৰ যুটীয়া প্ৰচেষ্টাত মিস্ত্ৰী ৰূপী গাঞ্জা সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰে ৷
গাঞ্জা সৰবৰাহকাৰী কেইজন মঙলদৈৰ আব্দুল কৰিম,কামালুদ্দিন,মইদুল ইছলাম, আজিবুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে স্থানীয় ৰাইজে বহু দিনৰ পৰা বনুৱা কেইজনৰ কাৰ্যকলাপ প্ৰত্যক্ষ কৰি যোৱা নিশা হাতে লোটে ধৰা পেলাই আৰক্ষীক খবৰ দিয়ে ৷
Also Read: দিছপুৰলৈ এতিয়াও বহুদূৰ...