মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষঃ ২৪ ঘন্টাত নিহত ৮ জন

মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষঃ ২৪ ঘন্টাত নিহত ৮ জন

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ বিভিন্ন অঞ্চলত মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে। জানিব পৰা মতে, নাৰায়ণপুৰ, দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমান্ত অঞ্চলত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত বহু সময় ধৰি সংঘৰ্ষ হয়। নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰত ৮ জন মাওবাদী নিহত হয়। একাংশ মাওবাদী আহত হোৱা বুলি সন্দেহ কৰিছে। বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাৰ পৰা এই সংঘৰ্ষ আৰম্ভ হৈছিল।

Advertisment

নিৰাপত্তা বাহিনীয়ে ইউনিফৰ্ম পৰিহিত ৮ টা মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰে। ৭২ ঘণ্টা ধৰি চলি থকা অভিযানত নিৰাপত্তা বাহিনীয়ে যথেষ্ট সফলতা লাভ কৰে।

তথ্য অনুসৰি, এই অভিযান সম্পূৰ্ণ কৰিবলৈ ৮০০ জোৱানে সমগ্ৰ হাবিখন ঘেৰাও কৰে। বাহিনীটোৱে নক্সালবাদীৰ মৃতদেহ কান্ধত লৈ ইন্দ্ৰাৱতী নদী পাৰ হৈ যায়। নিহত মাওবাদীৰ পৰিচয় এতিয়াও পোৱা নাই। এই অভিযানৰ পাছত নিহত নক্সালবাদীসকল মাওবাদীৰ ডাঙৰ নেতা আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।

Also Read: সুৰা কেলেংকাৰীৰ ঘটনাটোৱেই ভুৱা, নাই কোনো প্ৰমাণ : অৰবিন্দ কেজৰিৱাল

naxal encounter Naxalites