/asomiyapratidin/media/media_files/2025/06/30/1s-2025-06-30-20-04-02.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ সোমবাৰে দৰঙৰ শিয়াল মাৰী উন্নয়ন খণ্ডৰ নাংলী গাঁও পঞ্চায়তৰ পঞ্চায়ত সমিতি গঠনৰ বাবে সভা অনুষ্ঠিত হয়। পঞ্চায়ত কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল দলগাঁও সমজিলাৰ প্ৰশাসনীয় বিষয়া নিলম গায়ন।
১০ গৰাকী নৱনিৰ্বাচিত সদস্য উপস্থিত থকা সভাত দুজনকৈ সভাপতি, উপ-সভাপতি পদৰ বাবে দাবীদাৰ হোৱাৰ বাবে গোপন বেলটৰ জৰিয়তে সভাপতি উপ-সভাপতি নিৰ্বাচন কৰিবলগীয়া হয়।সভাপতি পদৰ বাবে নুৰেদা বেগম আৰু মাচুমা আখটাৰাৰ ভিতৰত নুৰেদা বেগমে ৬টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হয়।
একেদৰে উপ সভাপতি পদৰ বাবে ৰঞ্জিত মণ্ডল আৰু ফখৰুদ্দিন আহমেদ ভিতৰত দুয়ো পাঁচটা পাঁচটা ভোট লাভ কৰাৰ বাবে টছৰ জৰিয়তে ফখৰুদ্দিন আহমেদ উপসভাপতি হিচাবে নিৰ্বাচিত হয়। সভাপতি,উপ সভাপতি বাচনি শেষ হোৱাৰ পিছতে পাচ জনকৈ সদস্যই সভাপতি বাচনি প্ৰক্ৰিয়াক লৈ আপত্তি কৰে।
তেওঁলোকে আপত্তি কৰি কয় যে একে লগে পাচ জন সদস্যই ভোট দিয়াৰ পিছত তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থী মাচুমা আখটাৰাই কেনেকৈ চাৰিটা ভোট লাভ কৰিলে, এই ৫ জন সদস্য মাচুমা আখটাৰা,হালিমা খাটুন, ৰঞ্জিত মণ্ডল,ছাকেত আলি আৰু ফজৰ আলিয়ে দলগাঁও সম জিলাৰ আয়ুক্ত গোপাল শৰ্মাৰ ওচৰত লিখিত অভিযোগ দাখিল কৰাৰ লগতে এই পাচ জন সদস্যই মঙলদৈ প্ৰেছ ক্লাবত আবেলি আহি সংবাদ মেল সম্বোধন কৰে।
তেওঁলোকে অভিযোগ কৰি কয় যে একেলগে পাচ জন সদস্যই ভোট দিয়াৰ পিছত মাছুমা আখটাৰে কেনেদৰে চাৰিটা ভোট লাভ কৰিলে। এই ক্ষেত্ৰত দলগাঁও সমষ্টিৰ বিধায়ক মজুবুৰ ৰহমান আৰু সভাত উপস্থিত থকা প্ৰশাসনীয় বিষয়া নিলম গায়নৰ ওপৰত সন্দেহ প্ৰকাশ কৰে সদস্য সকলে। সংবাদ মেল সম্বোধন কৰা পাচ গৰাকী সদস্যই এই ক্ষেত্ৰত দলগাঁও সমজিলাৰ আয়ুক্তৰ হস্তক্ষেপ আশা কৰাৰ লগতে এই নিৰ্বাচনী প্ৰক্ৰিয়া পুনৰ অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।