/asomiyapratidin/media/media_files/2025/04/18/AdYVjObkeXwBrv3QQNU0.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : আজি "নাঙল বিহু"। অসমীয়াৰ আদৰৰ সাত বিহুৰ পঞ্চম দিনা চহা খেতিয়কে উদযাপন কৰে নাঙলৰ বিহু।
নাঙলৰ বিহুৰ দিনা কৃষিজীৱী অসমীয়াই মৰমৰ নাঙল-যুঁৱলি আৰু হালৰ গৰু লৈ পথাৰলৈ গৈ বছৰৰ প্ৰথম হাল জুৰে । জনবিশ্বাস অনুসৰি আজিৰ দিনটোতে মহাদেৱ শিৱয়ো বছৰৰ প্ৰথম হাল জুৰিছিল ।
যান্ত্ৰিকতাৰ পৃথিৱীত, সময়ৰ পৰিবৰ্তনৰ লগে লগে হেৰাই গৈছে আমাৰ চহা খেতিয়কৰ জীৱনৰ অংগ নাঙল আৰু যুঁৱলি। কিন্ত একাংশ সংস্কৃতিৱান লোকে নিজা প্ৰচেষ্টাৰে, খুৱ কষ্টৰে এতিয়াও জীয়াই ৰাখিছে, নাঙল আৰু যুঁৱলি লৈ হাল বোৱা সংস্কৃতি।
বটদ্ৰৱাৰ প্ৰগতিশীল কৃষক যোগেন কলিতাই আজি নাঙলৰ বিহুৰ দিনা নাঙল আৰু যুঁৱলি, গৰু লৈ ঈশ্বৰৰ নাম লৈ আৰম্ভ কৰিলে কৃষি কৰ্ম।