/asomiyapratidin/media/media_files/2025/07/29/new-ap-web-3-5-2025-07-29-21-09-25.jpg)
ডিজিটেল ডেস্ক : অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে ছামিউল হকে। নলবাৰী পলিটেকনিকৰ ছাত্ৰ আছিল ছামিউল হক। তেওঁৰ মৃত্যুৰ পাছতে পৰিয়াল তথা সচেতন মহলে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে আৰক্ষীৰ ওচৰত।
হিট এণ্ড ৰানৰ ঘটনাৰে নাম সাঙোৰ খোৱা অভিনেত্ৰীগৰাকীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবীৰ লগতে আৰক্ষীয়ে কেৱল দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি দায় সামৰা কাৰ্যকো সমানে ধিক্কাৰ দিছে একাংশ লোকে।
ইফালে অভিনেত্ৰীগৰাকীৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অৱশেষত অকাল মৃত্যুক আঁকৱালি লোৱা ছামিউলৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অভিনেতা ৰবি শৰ্মাই। তেওঁ সামাজিক মাধ্যমযোগে উল্লেখ কৰে এইদৰে – “ছামিউল হকৰ মৃত্যুৰ বাতৰিটোৱে মোক মৰ্মাহত কৰি তুলিছে। তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু এই বৃহৎ ক্ষতিৰ সৈতে যুঁজ দিবলৈ তেওঁৰ পৰিয়ালটোক শক্তি প্ৰদান কৰে, তাৰ বাবে অন্তৰেৰে প্ৰাৰ্থনা জনাইছোঁ।“