দুবছৰীয়া চুক্তি বাতিল কৰি নন্দিনী কাশ্যপক বিদায় দিলে ৰাজধানী থিয়েটাৰে...

হিট এণ্ড ৰাণ ঘটনাত এগৰাকী যুৱকৰ প্ৰাণ লোৱা অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিপদ বাঢ়িছে। যিকোনো মূৰ্হূততে গ্ৰেপ্তাৰ হ'ব পাৰে অভিনেত্ৰী নন্দিনী কাশ্যপ। নন্দিনীৰ তীব্ৰ বেগী বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত যুৱকগৰাকীৰ মৃত্যুৰ

author-image
Asomiya Pratidin
New Update
dsddd

ডিজিটেল ডেস্কঃ হিট এণ্ড ৰাণ ঘটনাত এগৰাকী যুৱকৰ প্ৰাণ লোৱা অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিপদ বাঢ়িছে। যিকোনো মূৰ্হূততে গ্ৰেপ্তাৰ হ'ব পাৰে অভিনেত্ৰী নন্দিনী কাশ্যপ। নন্দিনীৰ তীব্ৰ বেগী বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত যুৱকগৰাকীৰ মৃত্যুৰ পাছতে এতিয়া নন্দিনীক গ্ৰেপ্তাৰৰ দাবী তুলিছে ভিন্ন দল-সংগঠনে।

এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ ৰাজধানী থিয়েটাৰে অভিনেত্ৰীগৰাকীৰ সৈতে হোৱা চুক্তি বাতিল কৰা বুলি ঘোষণা কৰিছে। দুটা বৰ্ষৰ বাবে অভিনেত্ৰীগৰাকীক চুক্তিৱদ্ধ কৰিছিল ৰাজধানী থিয়েটাৰে। কিন্তু অভিনেত্ৰীগৰাকীক লৈ সৃষ্টি হোৱা জটিলতাই যাতে নাট্যযাত্ৰাত কোনো প্ৰভাৱ নেপেলায় তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে থিয়েটাৰখনৰ প্ৰযোজকে।

ইফালে নলবাৰী পলিটেকনিকৰ ছাত্ৰ ছামিউল হক আছিল অতি মেধাৱী। দিনত কলেজ আৰু ৰাতি চাকৰি কৰিছিল ছামিউলে। কৃতি ছাত্ৰগৰাকীৰ মৃত্যুত এতিয়া ভাগি পৰিছে পৰিয়ালটো। 

নন্দিনী পথ দুৰ্ঘটনা