অসুস্থঃ লকআপত চেলাইন লৈ নিশা কটালে নন্দিনীয়ে...

আৰক্ষীয়ে জিম্মাত লোৱা পাছতে লকআপত বুধবাৰে নিশা অসুস্থ হৈ পৰে অভিনেত্ৰী নন্দিনী কাশ্যপ। নন্দিনীৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ পানবজাৰ মহিলা আৰক্ষী থানালৈ গৈছে চিকিৎসকৰ দল।

author-image
Asomiya Pratidin
New Update
dddd

ডিজিটেল ডেস্কঃ আৰক্ষীয়ে জিম্মাত লোৱা পাছতে লকআপত বুধবাৰে নিশা অসুস্থ হৈ পৰে অভিনেত্ৰী নন্দিনী কাশ্যপ। নন্দিনীৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ পানবজাৰ মহিলা আৰক্ষী থানালৈ গৈছে চিকিৎসকৰ দল। বুধবাৰে নিশাতো চেলাইন লৈ কটালে নন্দিনীয়ে।

Advertisment

ইফালে কন্যাৰ অসুস্থতাৰ খবৰ পাই পুৱাই পানবজাৰ আৰক্ষী থানাত খাদ্যৰ টোপোলা লৈ উপস্থিত হয় মাতৃ। আৰক্ষীয়ে এতিয়ালৈকে নন্দিনীক লৈ কিদৰে তদন্ত আগবঢ়াইছে তাক লৈ কোনো তথ্য সদৰি কৰা নাই।

নন্দিনীৰ হিট এণ্ড ৰান ঘটনাক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও।
আৰক্ষীৰ স্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- আৰক্ষীয়ে কৌশলগত স্থিতি লৈছে। ৰাইজে ভবা আৰু আৰক্ষীয়ে কৰাৰ মাজত পাৰ্থক্য থাকে৷ কিন্তু উদ্দেশ্য একে।

তেওঁ লগতে কয়- গুৱাহাটীৰ হিট এণ্ড ৰাণৰ ঘটনাটোত সেই নিশা যদি অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাহেতেঁনো লগে লগে জামিন দিব লাগিলহেঁতেন৷ আৰক্ষীয়ে সকলোখিনি কৰি আছে৷ উল্লেখ্য যে, ২৫ জুলাইৰ নিশা শোকাৱহ দুৰ্ঘটনা সংঘটিত কৰিছিল নন্দিনী কাশ্যপে। ২৯ জুনত দুৰ্ঘটনাত আহত ছামিউল হকৰ মৃত্যু হৈছিল।

দুৰ্ঘটনা