/asomiyapratidin/media/media_files/2024/11/13/lwzguOjz49eOtL7jQSvw.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছি : পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন কৃতী শিক্ষক তথা ক্ৰীড়া সংগঠক, ভালুকী নিবাসী নন্দেশ্বৰ দাস আৰু নাই। মঙলবাৰে নিশা কৃতী শিক্ষকগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে ৷ ১৯৩০ চনত জন্মগ্ৰহণ কৰা নন্দেশ্বৰ দাসে বাৰ্দ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷
উল্লেখ্য যে ১৯৫৭ চনত পাটাছাৰকুছি বিদ্যাপীঠত তেওঁ শিক্ষক হিচাপে যোগদান কৰি ১৯৯২ চনত অৱসৰগ্ৰহণ কৰিছিল ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰয়াত দাস অতি জনপ্ৰিয় আছিল ৷ এগৰাকী সমাজকৰ্মী হিচাপেও প্ৰয়াত দাসে বিভিন্ন অনুষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছিল ৷
মৃত্যুৰ সময়ত প্ৰয়াত দাসে ৪গৰাকী পুত্ৰ আৰু তিনিগৰাকী জীয়ৰীক এৰি থৈ যায় ৷ নন্দেশ্বৰ দাসৰ মৃত্যুত ভালুকীকে ধৰি পাটাছাৰকুছি অঞ্চলত শোকৰ ছাঁ পৰিছে ৷ দাসৰ মৃত্যুত ভালুকী সেৱক সংঘ, ভালুকী কল্পনা ক্লাৱ, ভালুকী সাৰ্বজনীন জগদ্ধাত্ৰী পূজা সমিতি, ভালুকী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী, ভালুকী গাঁওৰক্ষী বাহিনী, ভালুকী মহিলা গাওঁৰক্ষী বাহিনী, নৱদ্বীপ, ভালুকী হাইস্কুল, ভালুকী গৰখীয়া গোঁসাই ঘৰ পৰিচালনা সমিতিৰ লগতে পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন, পাটাছাৰকুছি প্ৰেছ ক্লাব আদি বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে ।
বুধবাৰে পুৱা ভালুকীৰ বাসভৱনত এক শোকাকুল পৰিৱেশত প্ৰয়াত দাসৰ নশ্বৰদেহত বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইফালে দাসৰ বিয়োগত পাটাছাৰকুছি শাখা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us