নন্দিনীক উদ্ধাৰৰ বাবে জপিয়াই পৰিছিল আৰক্ষী, মহবুবুল হকে দিছিল ৫ লাখ টকাৰ অফাৰঃ প্ৰয়াত ছামিউলৰ পৰিয়ালৰ অভিযোগ

নন্দিনী কাশ্যপে সংঘটিত কৰা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ছামিউল হকৰ মোমায়েকে সংবাদ মেল সম্বোধন কৰি কিদৰে ঘটনাক গোপনে ৰাখিবলৈ আৰক্ষীয়ে অপচেষ্টা কৰিছিল সেই কথা উল্লেখ কৰিছে।

author-image
Asomiya Pratidin
New Update
NANDINI KASHYAP

ডিজিটেল ডেস্কঃ নন্দিনী কাশ্যপে যোৱা ২৫ জুলাইত সংঘটিত কৰা দুৰ্ঘটনাৰ পিছত কিদৰে তেওঁক ৰক্ষণা বেক্ষণ দিবলৈ চেষ্টা কৰা হৈছিল তাৰ এটা এটা দিশ উন্মোচিত হৈছে। প্ৰথমে আৰক্ষীয়ে নন্দিনী কাশ্যপ ৰক্ষাণা-বেক্ষণ দিয়াৰ বাবে অপচেষ্টা চলোৱাৰ পিছত এইবাৰ ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকেও নন্দিনী কাশ্যপ উদ্ধাৰ অভিযানত জপিয়াই পৰাৰ তথ্য ফাদিল কৰিলে প্ৰয়াত ছামিউল হকৰ মোমায়েকে। 

Advertisment

নন্দিনী কাশ্যপে সংঘটিত কৰা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ছামিউল হকৰ মোমায়েকে আজি এক সংবাদ মেল সম্বোধন কৰি কিদৰে গোটেই ঘটনাক গোপনে ৰাখিবলৈ খোদ আৰক্ষীয়ে অপচেষ্টা কৰিছিল সেই বিষয়ে ফাদিল কৰিছে। 

সংবাদ মেলত ছামিউলৰ মোমায়েকে কয়, মুখ্যমন্ত্ৰীৰ আজিৰ ঘোষণাই আমাক সাহাস দিছে। আইন আমাৰ বাবেও আছে। পূৰ্বে আমি কেৱল ধনীৰ বাবেহে আছে বুলি জানিছিলো।

অভিশপ্ত নিশাৰ শিহৰণকাৰী সেই ঘটনাৰ বিৱৰণ দি তেওঁ কয়, ঘটনা সংঘটিত হোৱাৰ পিছতে প্ৰত্যক্ষদৰ্শীয়ে ১০০ ডায়েল কৰিছিল আৰু সেই ফোন ওদালবাক্ৰা আৰক্ষী থানাত লাগিছিল। তেওঁলোকে ভগদত্তপুৰ আউট পোষ্টৰ লগত কনফাৰেন্স লগাই দিছিল। 

পিছত সেই নিশাই ঘটনস্থলীত উপস্থিত হৈছিল দিছপুৰ আৰক্ষী। কিন্তু পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত অভিযোগ দিয়াৰ সময়ত ছামিউল হকৰ পৰিয়ালৰ হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰয়াত ছামিউলৰ মোমায়েকে। তেওঁ দাবী কৰা মতে আৰক্ষীয়ে অভিযোগ গ্ৰহণ কৰাৰ পৰিবৰ্তে মোবাইল, নথি-পত্ৰ আদি বিচাৰিহে তেওঁলোকক হাৰাশাস্তি কৰিছিল। 

ইফালে ছামিউলৰ আত্মীয়ই এই সংবাদ মেলত দাবী কৰা মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ নিশাই চাৰিজন লোকৰ পৰা ঘটনাৰ সাক্ষ গ্ৰহণ কৰিছিল। তাৰোপৰি আই অ’ বিজেশ দাসে সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিবলৈহে কৈছিল। 

তেওঁলোকে আৰু অভিযোগ কৰি কয় যে, পৰৱৰ্তী সময়ত গোচৰটোৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰিবলৈ দিছপুৰ আৰক্ষীয়ে তেওঁলোকক মাতি পঠিয়াইছিল। নন্দিনী কাশ্যপৰ পিতৃয়ে মেডিকেল কৰাৰো প্ৰতিশ্ৰুতি দিছিল।  

ইফালে ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকেও নন্দিনীক উদ্ধাৰৰ বাবে কিদৰে চেষ্টা চলাইছিল সেই কথাও ছামিউলৰ মোমায়েকে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। তেওঁ কোৱা মতে ২৮ জুলাইত মহবুবুল হকৰ বিশ্বজিত দাস নামৰ সহায়কজনে তেওঁক ইউ এছ টি এমলৈ লৈ গৈছিল।

তাৰ পিছতে তেওঁৰ উপস্থিতিতে মহবুবুল হকে নন্দিনীলৈ ফোন কৰিছিল। গোচৰটোৰ মীমাংসাৰ বাবে ছামিউলৰ পৰিয়ালক মহবুবুল হকে ৫ লাখ টকা দিয়াৰো প্ৰস্তাৱ দিছিল।সেই ধন মুঠ তিনিটা কিস্তিত আদায় দিয়াৰ কথা দিছিল। ইয়াৰ বিনিময়ত তেওঁলোকক গোচৰটো উঠাই ল’বলৈ কোৱা হৈছিল। 

পথ দুৰ্ঘটনা মহবুবুল হক