/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-16/her9ls5a/1.jpg)
ডিজিটেল সংবাদ, নামতি: শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলৰ সামাজিক তথা বৌদ্ধিক চিন্তাৰ অন্যতম বাটকটীয়া স্বৰূপ অনুষ্ঠান "নামতি প্ৰেছ ক্লাৱ"। বিগত বৰ্ষৰ পৰা নামতি প্ৰেছ ক্লাৱে বৃহত্তৰ নামতি অঞ্চলটোৰ পৰা সমাজত বিভিন্ন কৰ্মৰ জড়িয়তে বিৰল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা দুগৰাকীকৈ আদৰ্শবান ব্যক্তিক নিৰ্বাচিত কৰি "কৰ্ম মহীয়ান" নামাকৰণেৰে দুটাকৈ বঁটা প্ৰদান কৰিছে। অঞ্চলটোৰ মহান গুণী-জ্ঞানী পুৰোধা ব্যক্তিৰ কৰ্মৰাজি, জীৱনাদর্শই সমাজ জীৱনৰ প্রতিটি দিশ পৰিস্ফুট কৰি ভৱিষ্যত প্রজন্মৰ বাবে দিক্দ্রষ্টা স্বৰূপে স্বীকৃতি পোৱাৰ উদ্দেশ্য আগত ৰাখিয়েই এই বঁটা প্ৰদান কৰে।
নামতি প্ৰেছ ক্লাৱৰ ২০২৩ বৰ্ষৰ "কৰ্ম মহীয়ান" বঁটা বুৰঞ্জীৰ বহু জ্ঞান থকা তথা বৰ্তমান সময়লৈকে নিজৰ চাইকেলখন চলাই আনৰ ঘৰত দিন হাজিৰা কৰি কথমপি জীৱন নিৰ্বাহ কৰা অতিকৈ দৰিদ্ৰ ৯৭ বছৰীয়া বিশিষ্ট সমাজকৰ্মী, একালৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ দেহৰক্ষী পূৰ্ণানন্দ গগৈ আৰু গৰু পালন কৰি নিজেই চাইকেল চলাই পুৱাৰে পৰা সন্ধিয়ালৈ গাখীৰ বিক্ৰী কৰি পৰিয়াল পুহ-পালৰ বিৰল নিদৰ্শন দাঙি ধৰা উদ্যমী মহিলা নিৰু শইকীয়াক বঁটা প্ৰদান কৰা হৈছিল। সমান্তৰালভাৱে নামতি প্ৰেছ ক্লাৱত অলপতে অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মৰ্মে নামতি কৰুণাসাগৰৰ আদৰ্শৱান কৃষক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বিশিষ্ট সমাজকৰ্মী অতুল মহন্ত আৰু নামতি খেজুৰিতলৰ নিবাসী বিশিষ্ট সাংস্কৃতিক কৰ্মী, নৃত্যাচাৰ্য, সুলেখিকা দেৱযানী শইকীয়া গগৈক ২০২৪ বৰ্ষৰ "কৰ্ম মহীয়ান" বঁটাৰ বাবে নিৰ্বাচিত কৰিছে।
উল্লেখ্য যে, ৭৫ বছৰীয়া অতুল মহন্ত এনে এগৰাকী ব্যক্তি যি গৰাকীয়ে আন দহজনতকৈ পৃথক। তেওঁ ২০১০ চনতে শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰিয়েই নিজকে আত্মনিয়োগ কৰিলে কৃষি কৰ্মত। তেওঁ কৃষি কৰ্মৰে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। অতুল মহন্তই কৃষি কৰ্মৰ সমান্তৰালভাৱে ধৰ্মীয় তথা বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো উতঃপ্ৰোত জড়িত আছে। তেওঁ প্ৰায় দহ বিঘা এখন ঘন জংঘল মুকলি কৰি আৰম্ভ কৰিছে কৃষি কৰ্ম। বয়সে হাৰ মনাব নোৱাৰা এইগৰাকী অতুল মহন্তই বৰ্তমানলৈকে ১৬ হাজাৰ চাহপুলি আৰু তিনি হাজাৰ জোপা মূল্যবান সাঁচি পুলি ৰূপন কৰিছে। তদুপৰি, চাহ আৰু সাঁচি খেতিৰ সমান্তৰাল ভাৱে কৰি গৈছে শাক-পাচলিৰ বৃহৎ খেতি।
আনহাতে, লৰালি কালৰ পৰাই সাংস্কৃতিক চৰ্চাৰ পৰিৱেশত লালিত-পালিত হোৱা দেৱযানী শইকীয়া গগৈ বর্তমান নামতিৰ কলামঞ্জৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে কর্মৰত হৈ আছে। এই মহাবিদ্যালয়ত আৰু বহু কর্মশালাত প্রশিক্ষার্থীসকলক বিভিন্নধৰণৰ লোকনৃত্য শিকাই আহিছে। তদুপৰি জ্ঞানজ্যোতি বিদ্যাপীঠ নামৰ এখন বিদ্যালয়ত প্ৰতিষ্ঠা কৰি সঞ্চালিকা হিচাপে কৰ্মৰত হৈ বহু ছাত্র-ছাত্রীক কণমানি অৱস্থাতে সাংস্কৃতিক, বৌদ্ধিক, ক্ৰীড়া আদি ক্ষেত্ৰত প্রতিভাশালী কৰি গঢ়ি তুলিবলৈ সক্ষম হৈছে।
উল্লেখ্য জ্ঞানজ্যোতি বিদ্যাপীঠ শিৱসাগৰ জিলাৰ এনে এখন বিদ্যালয় য’ত তেওঁ অ'টিজিম ৰোগত ভোগা কথা কব নজনা ছাত্ৰ-ছাত্ৰীকো অশেষ যতন লৈ স্বাভাৱিক অৱস্থালৈ আনি নতুন জীৱন প্ৰদান কৰে। তেওঁ বিশেষকৈ সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ কল্যাণ সাধন হোৱাকৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়ি তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহাৰ বাবে, বিভিন্ন অনুষ্ঠান আয়োজন কৰি ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, মহিলাসকলৰ সৰ্বটোপ্ৰকাৰৰ কল্যাণ ক্ষেত্ৰত অগ্ৰণি ভূমিকা লৈ নৱপ্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে। স্নাতক হোৱা বৰ্ষতেই গেলেকী বদ্ৰী দাস মুডী বালিকা উচ্চ বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰা গগৈয়ে উক্ত বিদ্যালয়খন ঠন ধৰি উঠাত বিশেষভাৱে সহযোগিতা আগবঢ়াইছিল আৰু শিক্ষাগ্ৰহণৰ প্ৰতি থকা অগাধ ধাউতিৰ বাবে মাতৃত্ব হোৱাৰ পাচতো অসমীয়া বিষয়ত স্নাতোকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।
সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী হিচাবে সেৱা আগবঢ়াই অহা দেৱযানী শইকীয়া গগৈ এগৰাকী সাহিত্য সংগঠক হিচাপেও উতঃপ্ৰোত ভাৱে জড়িত হৈ আছে। এই দুয়ো গৰাকী ব্যক্তি ক্ৰমে, অতুল মহন্ত আৰু দেৱযানী শইকীয়া গগৈক অহা ৩ অক্টোবৰত অনুষ্ঠিত হব লগীয়া "নামতি প্ৰেছ ক্লাৱ"ৰ ৩২তম প্ৰতিষ্ঠা দিৱসত ২০২৪ বৰ্ষৰ "কৰ্ম মহীয়ান" বঁটা প্ৰদান কৰা হব।