/asomiyapratidin/media/media_files/2025/06/30/taranga-30-2025-06-30-19-32-41.jpg)
ডিজিটেল সংবাদ নামৰূপঃ নামৰূপ শাখা সাহিত্য সভাৰ আন্তঃগাঁথনিক নতুন ৰূপ দি নতুন কৈ নিৰ্মাণল কৰা ভৱনটো আজি শুভ উদ্বোধন কৰে যুৱ বিধায়ক তৰংগ গগৈয়ে। উদ্বোধনী কাৰ্যসূচীত বন্তি প্ৰজ্বলন আৰু ফিটা কাটি শুভ উদ্বোধন কৰে বিধায়ক গৰাকীয়ে।
এই কাৰ্যসূচীত প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীও উপস্থিত থাকে। লক্ষণীয় যে ১৯৬৭ চনতে স্থাপন হোৱা নামৰূপ সাহিত্য সভাৰ ভবনটিৰ আধৰুৱা হৈ থকা নিৰ্মাণ কাৰ্য সোণালী জয়ন্তীবর্ষ পাৰ হৈ যোৱা স্বত্বেও উন্নতিৰ মুখ দেখা নাছিল। ফলত এক নিমাও মাও পৰিবেশে বিৰাজ কৰিছিল।
কিন্তু বিধায়ক হোৱাৰ পিছতে সাহিত্য সভা ভৱনটোৰ উজ্জীবিতকৰণৰ বাবে বিধায়ক তৰংগ গগৈ আগবাঢ়ি আহে। বিধেয়কগৰাকীয়ে প্রেক্ষাগৃহটোৰ আধৰুৱা কামখিনি সম্পূর্ণ কৰিবলৈ অসম চৰকাৰৰ আন টাইড ফাণ্ডৰ যোগেদি ৫লাখ টকা প্রদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/30/rameswar-teli-2025-06-30-19-36-16.jpeg)
আনহাতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও সাংসদ পুঁজিৰ পৰা অনুদান আগবঢ়োৱাৰ ফলত ভৱনটি আটক ধুনীয়া কৈ নিৰ্মাণ হৈ উঠে। আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ বিধায়কগৰাকীয়ে কয়- নামৰূপখনৰ বাট-পথ, সাহিত্য সংস্কৃতি তথা উদ্যোগিক উন্নয়নৰ বাবে বিধায়ক হিচাপে যি অহোপুৰুষাৰ্থ কৰা হৈছে তাক সকলোৱে নিশ্চিতভাবে প্ৰত্যক্ষ কৰিছে।
এই ক্ষেত্ৰত বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি কয় যে, মুখ্যমন্ত্ৰীৰ সদিচ্ছা অবিহনে ই কেতিয়াও সম্ভৱ নহয়। সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা নামৰূপ শাখা সাহিত্য সভাই বহু কবি সাহিত্যিকৰ সৃষ্টি কৰি অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰখনলৈ অলেখ অৱদান আগবঢ়ায় যদিও কাৰ্য্যালয় গৃহটোৰ জৰাজীৰ্ণ অৱস্থাই চহৰখনৰে শ্ৰী হৰণ কৰিছিল।
সাহিত্য, সংস্কৃতি আৰু সমাজৰ উন্নয়নৰ ক্ষেত্ৰত এই নৱ ভৱনটি আগন্তুক দিনত এক প্ৰেৰণাৰ উৎস হিচাপে বিবেচিত হ’ব। সম্পাদক চৈতন্য কোঁৱৰে আঁত ধৰা অনুষ্ঠানটিত জয়পুৰ জিলা পৰিষদৰ সদস্য মৃদুল কলিতা, নামৰূপ জিলা পৰিষদৰ সদস্য লজী চলিহা,নামৰূপ পৌৰসভাৰ সভাপতি প্ৰশান্ত গগৈ, উপ পৌৰপতি নিতু সোণোৱাল, বিশিষ্ট সমাজ সেৱক মণিকান্ত চেতিয়া, সাংস্কৃতিক কৰ্মী সূৰ্য্য ভাগৱতী, সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰদীপ গগৈ, নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ মহা প্ৰবন্ধক যদু প্ৰাণ বুঢ়াগোহাঁই প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us