Advertisment

নামৰূপ আঞ্চলিক মৃদঙ্গীয়া গায়ন-বায়ন সংস্থাৰ অধিবেশনৰ লাইখুঁটা স্থাপন

নামৰূপৰ ৰঙাগাঁৱত আয়োজন কৰা বিশাল কাৰ্য্যসূচীৰ আজি  লাইখুঁটা স্থাপন কৰা হয়। আজি দুপৰীয়া অনুষ্ঠিত লাইখুঁটা স্থাপন অনুষ্ঠানত আঞ্চলিক সমিতিৰ সভাপতি ডিম্বেশ্বৰ ধাদুমিয়া, সম্পাদক ভবেন গগৈ প্ৰমুখ্যে বহু গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

author-image
Asomiya Pratidin
New Update
e

ডিজিটেল সংবাদ,নামৰূপঃ  নামৰূপ আঞ্চলিক মৃদঙ্গীয়া গায়ন-বায়ন সংস্থা'ৰ দ্বিতীয় দ্বি-বার্ষিক পূর্ণাংগ অধিবেশন ও মৃদঙ্গীয়া গায়ন-বায়ন সমাৰোহ খনি অহা ৫ জানুৱাৰীত অনুষ্ঠিত হ'ব। নামৰূপৰ ৰঙাগাঁৱত আয়োজন কৰা বিশাল কাৰ্য্যসূচীৰ আজি  লাইখুঁটা স্থাপন কৰা হয়।

Advertisment

আজি দুপৰীয়া অনুষ্ঠিত লাইখুঁটা স্থাপন অনুষ্ঠানত আঞ্চলিক সমিতিৰ সভাপতি ডিম্বেশ্বৰ ধাদুমিয়া, সম্পাদক ভবেন গগৈ প্ৰমুখ্যে বহু গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এক আধ্যাত্মিক পৰিবেশত মৃদংগ ভোৰ তাল পৰিবেশনেৰে পৰম্পৰাগত নিয়মেৰে লাই খুঁটা স্থাপন কৰা হয়। 

অনুষ্ঠানত ৰঙাগড়া গাঁৱৰ উদযাপন সমিতিৰ সভাপতি ভোলা গায়ন,সম্পাদক তিলক গগৈ,সহ সম্পাদক  বসন্ত গগৈ, আদিত্য গগৈ, বিতুল গগৈ সমন্বিতে ৰঙাগড়া গাঁৱৰ ৰাইজ উপস্থিত থাকে।  ইফালে অহা ৫ জানুৱাৰীত অনুষ্ঠিত হ'ব লগীয়া সমাৰোহত ২৫ জোৰা মৃদঙ্গীয়া গায়নিয়া দলে অংশগ্ৰহণ কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।

নামৰূপ