নামৰূপ সাৰ কাৰখানাৰ আবাসীক এলেকাত কাঁহ পিতলৰ সামগ্ৰী সহ চোৰ  কৰায়ত্ব...

ঘৰৰ ভিতৰৰ পৰা সামগ্রী উলিয়াই আনোতেই  চোৰক হাতে লোতে ধৰে আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
নামৰূপ সাৰ কাৰখানাৰ আবাসীক এলেকাত কাঁহ পিতলৰ সামগ্ৰী সহ চোৰ  কৰায়ত্ব...

Namrup

ডিজিটেল সংবাদ, নামৰূপঃ উদ্যোগ নগৰী নামৰূপ সাৰ কাৰখানাৰ আবাসীক এলেকাত কাঁহ পিতলৰ সামগ্রী সহ এটা চোৰ কৰায়ত্ব কৰে আৰক্ষীয়ে । ঘটনাৰ বিবৰণী মতে, বি ভি এফ চি এলৰ আবাসীক এলেকা চেক্টৰ এ' ১১১ নম্বৰৰ গৃহস্থ নথকা আবাস গৃহটোৰ সন্মুখত বহু সময় ধৰি লোহা টিন কঢ়িয়াই ফুৰা ঠেলা এখন ৰৈ থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । 

Advertisment

অৱশেষত ঘৰটোৰ ভিতৰত কোনোবা সোমাই থকাৰ উমান পাই সমবেত হোৱা ৰাইজে আৰক্ষীক খবৰ দিয়াত ততালিকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । এনেতে চোৰটোৱে ঘৰৰ ভিতৰৰ পৰা সামগ্রী উলিয়াই আনোতে চোৰটোক হাতে -লোতে ধৰে আৰক্ষীয়ে ।

ইফালে ঠেলাত পূৰ্বৰ পৰাই থকা বস্তাটোত পিতলৰ বহু কেইখন শৰাই সঁফুৰা,  ঘটি বাতি, এটা পুৰণা চিলাই মেচিন আদি বহু সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে সামগ্ৰী সহ চোৰটো কৰায়ত্ব কৰি থানালৈ লৈ যায় আৰু আৰক্ষীয়ে চোৰটো নগা দলং এলেকাত ভাৰাতীয়া হিচাপে থকা চকুচন সিং বুলি জানিবলৈ দিয়ে।  

assam namrup BVFCL NAMRUP