/asomiyapratidin/media/media_files/2024/12/21/sofIP7sKVO7OJG9VMcSb.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ পুনৰ প্ৰাণ পাই উঠিব মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানাই ৷ অৱশেষত স্থাপন হ’ব উত্তৰ পূবৰ গৌৰৱ নামৰূপ সাৰ কাৰখানৰ চতুৰ্থগোট ৷ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে অনুমোদন জনাইছে। নামৰূপ সাৰ কাৰখানাৰ ৪০ শতাংশ অংশীদাৰিত্ব ল’লে ৰাজ্য চৰকাৰে।
/asomiyapratidin/media/media_files/2024/12/21/ftjkZSCOwEq08n4iPpMs.jpg)
বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত নামৰূপ সাৰ কাৰখানাত ৪০ শতাংশ বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থগোট স্থাপনৰ বাবে আৱশ্যক হ’ব ১০৬০১ কোটি টকা ৷ ইয়াৰে ৪০ শতাংশ অৰ্থাৎ ৪২৪০ কোটি টকা ৰাজ্য চৰকাৰে মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বাকী ৬০ শতাংশ ব্যয় বহন কৰিব কেন্দ্ৰীয় চৰকাৰে।
/asomiyapratidin/media/media_files/2024/12/21/ISZS8BpfLzfS2Fz3U1Jk.jpg)
নামৰূপ সাৰ কাৰখানাক লৈ চলি থকা অনিশ্চয়তাৰ মাজতেই এই সুখবৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাৰ এই কেবিনেট সিদ্ধান্তক এতিয়া আদৰণি জনাইছে নামৰূপৰ বিভিন্ন দল-সংগঠনে। কেৱল ঘোষণাতে সীমাৱদ্ধ নাৰাখি মুখ্যমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থগোট বিষয়টো কাগজে-কলমে আগুৱাই লৈ যোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ শলাগ লৈছে সাৰ কাৰখানাৰ শ্ৰমিক ইউনিয়নে৷
/asomiyapratidin/media/media_files/2024/12/21/OTvcdQcG1YdDNIIIu0Vd.jpg)
ইফালে, মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানাক পুনৰজ্জীৱিতকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা এই পদক্ষেপক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে। আগন্তুক এমাহৰ ভিতৰত সাৰ কাৰখানাৰ যাৱতীয় কাম-কাজসমূহ মুখ্যমন্ত্ৰীয়ে আগুৱাই নিব বুলি বিধায়ক তৰংগ গগৈয়ে জানিবলৈ দিয়ে৷
/asomiyapratidin/media/media_files/2024/12/21/MgPlikVkjmhqWxsN0hpQ.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us