
ডিজিটেল সংবাদ নামৰূপঃ ক্ৰমাৎ লাভজনক উদ্যোগৰ দিশে অগ্ৰসৰ হৈছে নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পোৰেচন লিমিটেড।প্ৰায় ডেৰ দশক ধৰি দেশৰ লোকচানভৰা উদ্যোগসমূহৰ ভিতৰত স্থান লাভ কৰা নামৰূপ সাৰ কাৰখানাই চলিত বিত্তীয় বৰ্ষত নিৰ্ধাৰিত উৎপাদন টাৰ্গেট পূৰণ কৰিবলৈ সক্ষম হ'ব আৰু সমান্তৰাল ভাৱে ইউৰীয়াৰ ট্রেডিং ব্যৱসায়ৰে বাৰ্ষিক টাৰ্ণঅভাৰ এহেজাৰ কোটি লৈ বৃদ্ধি কৰিব।
এই কথা জানিবলৈ দিছে উদ্যোগটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তিয়ে। ২০২১ বৰ্ষৰ অক্টোবৰ মাহত সাৰকাৰখানাত চি এম ডি হিচাপে যোগদান কৰি ২০২৩ চনৰ ২৬ জানুৱাৰীৰ ভিতৰত সাৰ কাৰখানাত এক আমূল পৰিৱৰ্তন আনিব বুলি পূৰ্বতে কৰা প্ৰতিশ্ৰুতি সাকাৰ হোৱা সম্পৰ্কত নৱ বৰ্ষৰ প্ৰাক ক্ষণত চি এম ডি গৰাকীৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, পূৰ্বে বছৰটোত কেতিয়াবা ২০০ দিন অথবা ২৩০ দিনহে উৎপাদন ক্ষম হৈ থকা উদ্যোগটো মেৰামতিৰ ৰক্ষণাবেক্ষণ দিয়া এটা সোণৰ কণী পৰা এটা হাঁহলৈ ৰূপান্তৰ হৈছিল।
কিন্ত ২০২১ বৰ্ষৰ অক্টোবৰ মাহৰ পৰা বিভিএফচিএলৰ তেনে দুৰ্দিনৰ অন্ত পৰিল । লক্ষ্যণীয় যে পূৰ্বে উদ্যোগটোৰ দ্বিতীয় আৰু তৃতীয় গোট দুয়োটা ইউনিট মিলি সাৰ উৎপাদন কৰিছিল ১৩০ ৰ পৰা ১৬০ লাখ মেট্ৰিক টন মাত্ৰ। কিন্ত চলিত বিত্তীয় বৰ্ষত ৩০ ডিচেম্বৰলৈ ১,৬৬,৪৬২ মেট্ৰিক টন ইউৰীয়া উৎপাদন কৰিবলৈ সক্ষম হয়।
সেই মৰ্মে ৩১ মাৰ্চ পৰ্যন্ত ২ লাখ ৩০ হাজাৰ মেট্ৰিক টন অতিক্ৰম কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব বুলি আশাবাদী বিভিএফচিএলৰ মুৰব্বী গৰাকী। যিটো উদ্যোগে বিগত দুটা বছৰে কেৱল ৪০/৪৫ শতাংশহে উৎপাদন কৰিবলৈ সক্ষম আছিল একেটা উদ্যোগে চলিত বৰ্ষত ৮০ শতাংশ উৎপাদন কৰিবলৈ সক্ষম হৈছে।
উৎপাদন বৃদ্ধি পোৱাৰ লগে লগে ব্যৱহৃত গেছৰ ক্ষেত্ৰত শক্তি ব্যৱহাৰৰ কাৰ্যক্ষমতা বৃদ্ধি পাব আৰু FICC য়ে নিৰ্ধাৰণ কৰি দিয়া গেছৰ ছাবিচিটি লাভ কৰিব বি ভি এফ চি এলে। অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে প্ৰতি মেট্ৰিকটনত ইউৰীয়াত বি ভি এফ চি এলে ৭০০ ৰ পৰা ৮০০ টকা লাভ কৰিবলৈ সক্ষম হ'ব।
তেওঁ কয় যে, বি ভি এফ চি এলৰ পুনৰিজীৱিত কৰণৰ বাবদ কেন্দ্ৰীয় চৰকাৰে শেহতীয়া ভাবে দিয়া ১০০ কোটি টকাৰে অহা এপ্ৰিল মাহত তৃতীয় গোটটোৰ চাটডাউন দি গোটটোত নতুন টেকনলজি স্থাপন কৰিব ইয়াৰ পিছতে তৃতীয় গোটৰ উৎপাদন ১০০ শতাংশৰ অধিক হ'ব বুলিও জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে।
লক্ষ্যণীয় যে, সম্প্ৰতি বি ভি এফ চি এল কেৱল ইউৰীয়া উৎপাদনতে সীমাবদ্ধ নাথাকি বি ভি এফ চি এলে নিজা উৎপাদিত জৈৱিক সাৰৰো ব্যৱসায় আৰম্ভ কৰিছে। লগতে এম অ’ পি/, ডি এ পি, /এন পি কে, /এছ এছ পি,/ পানীত দ্ৰৱীভূত সাৰ,/ এমোনিয়াম ছালফেট,/ মাইক্ৰ’ নিউট্ৰিয়েণ্ট, /, মাটিৰ উৎপাদন বৃদ্ধিৰ বাবে ৰাসায়নিক পদাৰ্থ, কীট নিয়ন্ত্ৰক / বীজ,/ ৰক ফছফেট আদি আমদানি কৰি মুক্তা বেণ্ডৰ নামত বিপণন আৰম্ভ কৰি ব্যৱসায় পৰিসৰ বৃদ্ধি কৰিছে বি ভি এফ চি এলে।
অন্যহাতে বি ভি এফ চি এলে উন্নতিৰ আৰু খোজ আগবাঢ়ি দেশৰ পাঁচ ৰাজ্যলৈ বজাৰ সম্প্ৰসাৰণ কৰি ওড়িশাৰ পাৰাদ্বীপ বন্দৰত আমদানিকৃত নিম আৱৰণযুক্ত ইউৰীয়া ট্রেডিং ব্যৱসায় আৰম্ভ কৰিছে। ফিনলেণ্ডৰ পৰা আমদানি কৰা নিম আৱৰণ যুক্ত ইউৰীয়া বি ভি এফ চি এলে বেংগল, বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড, চট্টিশগড়ত পৰ্যন্ত ব্যৱসায় প্ৰসাৰ কৰিছে।
বিপণন সম্প্ৰসাৰনেৰে উদ্যোগটোৱে শীৰ্ষ খিতাপ অক্ষুন্ন ৰাখিছে। এই ট্রেডিং ব্যৱসায়ৰ পৰা বি ভি এফ চি এলে ২৪০/৩০০ কোটি টকা টাৰ্ন অভাৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলিও জানিবলৈ দিছে চি এম ডিগৰাকীয়ে। ২০২০-২১ বিত্তীয় বৰ্ষত প্ৰায় ৩০০ কোটি লোকচান ভৰা উদ্যোগটোৰ চলিত বৰ্ষত লোকচানৰ পৰিমাণ অধিক হ্ৰাস পোৱাৰ লগতে ৩১ মাৰ্চ পৰ্যন্ত বি ভি এফ চি এলে এহেজাৰ কোটি টকাৰ টাৰ্ন অভাৰ অতিক্ৰম কৰিব বুলি জানিবলৈ দিয়ে চি এম ডি মহান্তিয়ে।
লগতে ২০২৪ বৰ্ষলৈ বি ভি এফ চি এলক লাভজনক উদ্যোগলৈ উন্নীত কৰাৰো প্ৰতিশ্ৰুতি দিয়ে ড০ মহান্তিয়ে। তাৰ পৰিপ্ৰেক্ষিততে বিদ্যুৎ বিপণনৰ বাবেও মন মেলিছে বিভিএফচিএলে। সেয়ে চলিত মাহৰ ২৪ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম শক্তি বিতৰণ নিগম লিমিটেডৰ( APDCL) লগত বি ভি এফ চি এলৰ Mou স্বাক্ষৰ সম্পন্ন হয়।
অধ্যক্ষগৰাকীৰ পৰা জানিব পৰা মতে বিভিএফচিএলৰ হাতত মুঠ ৩০ মেগাৱাটৰ এটা নিজা বিদ্যুৎ উৎপাদন পাৱাৰ প্লান্ট আছে। ইয়াৰে ফেক্টৰিত ১২ আৰু ক'লনীত ৩ মেগাৱাট বিদ্যুৎ খৰছ হয় । অতিৰিক্ত ১৫ মেগৱাট বিদ্যুৎ এ পি ডি চি এলক বিক্ৰী কৰি বছৰি ৩০/৩৫ কোটি টকা লাভ কৰিব বুলি জানিবলৈ দিছে।
ইতিমধ্যে বি ভি এফ চি এলত পূৰ্বৰ মেনুৱেল কাৰ্য্য প্ৰণালী সলনি কৰি ই অফিচ, ফাইল ট্ৰেকিং চিষ্টেম উপলব্ধ কৰা হৈছে। আনহাতে বেগিং প্লাণ্টটো মানৱ সম্পদ ব্যৱহাৰৰ বিপৰীতে উচ্চ প্ৰযুক্তি স্থাপনৰ ব্যৱস্থা অব্যাহত আছে বুলি জানিবলৈ দিয়ে চি এম ডি গৰাকীয়ে।
গুৰুত্বপূৰ্ণ যে নিযুক্তি ক্ষেত্ৰত বি ভি এফ চি এলত চলিত বৰ্ষত ইতিমধ্যে বিষয়া পৰ্যায়ত, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৬৫ টা পদত নিযুক্তি দিয়া হৈছে আৰু অনাগত বৰ্ষটো বিভিন্ন বিভাগত নিশ্চিত ভাবে ৭০ টা পদত নিযুক্তি দিয়া হ'ব বুলি চি এম ডি ড০ মহান্তিয়ে কয়।