মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব নামঘৰ আৰু কামাখ্যা মন্দিৰঃ হিমন্ত বিশ্ব শৰ্মাই কৰিলে শিলান্যাস…

মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব নামঘৰ আৰু কামাখ্যা মন্দিৰঃ হিমন্ত বিশ্ব শৰ্মাই কৰিলে শিলান্যাস…

author-image
asomiyapratidin
New Update
মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব নামঘৰ আৰু কামাখ্যা মন্দিৰঃ হিমন্ত বিশ্ব শৰ্মাই কৰিলে শিলান্যাস…

ডিজিটেল ডেস্কঃ সুদূৰ মহাৰাষ্ট্ৰত নিৰ্মাণ হ'ব নামঘৰ। কেৱল নামঘৰেই নহয় নামঘৰৰ উপিৰিও নিৰ্মাণ কৰা হ'ব কামাখ্যা দেৱীৰে মন্দিৰ। মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কাৰজাত অঞ্চলত মুম্বাইস্থিত অসমীয়া সমাজে নিৰ্মাণ কৰিব এই নামঘৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলান্যাস কৰা এই নামঘৰটোৰ নামাকৰণ কৰা হৈছে 'শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু সাংস্কৃতিক সামাজিক কেন্দ্ৰ' হিচাপে। আনহাতে এই একেটা অঞ্চলতে নিৰ্মাণ কৰা হ'ব আন এটা নামঘৰ।

Advertisment

মুম্বাইৰ প্ৰবাসী অসমীয়াসকলৰ উদ্যোগত নিৰ্মাণকৰিবলৈ লোৱা এই নামঘৰটোৰ বাবে অসম চৰকাৰে অৰ্থনৈতিক সাহায্যৰ লগতে সকলোধৰণে সহযোগিতা আগবঢ়াব বুলি শিলান্যাস অনুষ্ঠানত মন্তব্য কৰিছে। আনহাতে এই নামঘৰটোৰ সমীপতে নিৰ্মাণ কৰা হ'ব কামাখ্যা মন্দিৰো।

নামঘৰৰ শিলান্যাস অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে টুইটাৰত মন্তব্য প্ৰকাশ কৰিছে। তেওঁ লিখিছে, 'শিপা নাপাহৰা এইসকলৰ দৰে শ্ৰদ্ধেয় ব্যক্তিৰ প্ৰচেষ্টাতেই এদিন অসমীয়া সংস্কৃতিয়ে বিশ্বত স্ব-গৰিমাৰে উজলি উঠিব, সেয়া ধুৰুপ। ৰাজ্য চৰকাৰৰ ফালৰ পৰা নামঘৰ নিৰ্মাণত সকলো সহযোগিতা আগবঢ়োৱাৰ লগতে ইয়াৰ সমীপতে মা কামাখ্যাৰ এটি মন্দিৰ নিৰ্মাণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিম বুলি ঘোষণা কৰোঁ।'


— Himanta Biswa Sarma (@himantabiswa) February 18, 2022

ইয়াৰ উপৰিও তেওঁ লিখিছে, 'মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কৰজত অঞ্চলৰ পোচাৰি আৰু টাওৰে গাঁৱৰ ৰাইজৰ উদ্যোগত তথা মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজৰ সহযোগত শ্ৰীশংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ।'


— Himanta Biswa Sarma (@himantabiswa) February 18, 2022

assam himanta biswa sarma