সামৰণি পৰিল আউনীআটি সত্ৰৰ নামঘৰ সমাৰোহ..

সামৰণি পৰিল আউনীআটি সত্ৰৰ নামঘৰ সমাৰোহ..
সামৰণি পৰিল আউনীআটি সত্ৰৰ নামঘৰ সমাৰোহ..

ডিজিটেল ডেস্কঃ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা আউনীআটি সত্ৰৰ নামঘৰ সমাৰোহ দেওবাৰে সামৰণি পৰে। আউনীআটি সত্ৰৰ উত্তৰ গুৱাহাটীত থকা শাখা সত্ৰত আয়োজন কৰা এই অনুষ্ঠানৰ সামৰণি দিনা অংশলয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমীয়া সমাজ জীৱনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ নামঘৰৰ ইতিহাস আৰু ঐতিহ্যক লৈ প্ৰণয়ন কৰা এখন গ্ৰন্থও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে। সামৰণিৰ দিনা ২ হাজাৰ চেমনীয়াৰ দ্বাৰা পৰিৱেশিত খোল বাদন আৰু শিশুসকলৰ দিহা নামে প্ৰতিজন ভক্ত প্ৰাণ ৰাইজৰ মন চুই যায়।

নৈতিক শিক্ষা আৰু আধ্যাত্মিক জীৱনবোধৰ মাজেৰে নতুন প্ৰজন্মক আগুৱাই এক সু-শৃংখলিত জীৱনৰ গৰাকী হোৱাৰ লক্ষ্যৰে প্ৰতিজন অভিভাৱকক নিজৰ শিশুটিক শিক্ষিত কৰাৰৰ বাবে আহ্বান জনাই আউটনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামীয়ে।

উক্ত অনুষ্ঠানতে আন এখন গ্ৰন্থ উন্মোচন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। আউনীআটি সত্ৰৰ এনে উদ্যোগক শলাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়, এই তিনিদিনে উত্তৰ গুৱাহাটী এক প্ৰকাৰে বৈকুণ্ঠপুৰিলৈ পৰিণত হৈছিল। যোৱা তিনিদিনে ৰাইজক ভক্তিৰস উপভোগ কৰিবলৈ যি অপূৰ্ব আধ্যাত্মিক সুযোগ দিলে তাৰ বাবে আউনীআটি সত্ৰৰ প্ৰভূ ঈশ্বৰক বহুত বহুত ধন্যবাদ, কৃতজ্ঞতা জনাইছো।

তেওঁ কয়, আমাৰ বাবে সৌভাগ্য যে, ব্ৰহ্মপুত্ৰৰ নান্দনিক সৌন্দৰ্যৰে পৰিপূৰ্ণ এই আউনীআটি শাখা সত্ৰতে প্ৰভূ ঈশ্বৰে নামঘৰ সমাৰোহখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। মই অত্যন্ত গৰ্বিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক উত্তৰ গুৱাহাটী ৰাইজে অত্যন্ত আদৰৰে আদৰিছে আৰু তেওঁলোকক যিমান পাৰে অতিথি সেৱাৰ বাবে চেষ্টা কৰিছে।

মুখ্যমন্ত্ৰীগৰকীয়ে কয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱ বৈষ্ণৱ ধৰ্মৰ এটা নতুন যুগৰ সৃষ্টি কৰিছিল। মহাপুৰুষ মাধৱদেৱ, হৰিদেৱ, দামোদৰ দেৱে অসমৰ এই নৱ বৈষ্ণৱ, ভক্তি আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিছিল। মহাপুৰুষ শংকৰদেৱৰ পথ প্ৰদৰ্শনত তেখেতৰ আধ্যাত্মিক দৰ্শনক কেন্দ্ৰ কৰি অসমত গঢ়ি উঠা নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনে সমগ্ৰ ভাৰতবৰ্ষৰ নৱবৈষ্ণৱ ধৰ্মৰ সৈতে একিকৰণ হৈ কৃষ্ণ ভক্তিৰ এক অদ্ভুত জাগৰণ সমগ্ৰ দেশখনতে সৃষ্টি কৰিছিল।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই বৰঅসমত কৃষ্ণভক্তিৰ যি জোৱাৰ সৃষ্টি কৰিছিল তাৰ প্ৰতিধ্বনি ৫৫০ বছৰ পিছতো প্ৰত্যক মুহূৰ্তে মুহূৰ্তে আমি অনুভৱ কৰো। প্ৰজন্মৰ পিছত প্ৰজন্ম আহিছে। কিন্তু কোনেও মহাপুৰুষ গৰাকীৰ নিৰ্মালী এই নাম-কীৰ্তনক এৰি দিয়া নাই।

সমাজত বহুত পৰিৱৰ্তন আহিছে। কিন্ত সেই পৰিৱৰ্তনৰ মাজতো নাম আৰু কীৰ্তনৰ যি অম্লান জ্যোতি ৫০০ বছৰ আগতে মহাপুৰুষ জনে কল্পনা কৰিছিল, সেই ধৰণেই চলি আছে। আৰু এই নাম সংস্কৃতিয়ে নৱবৈষ্ণৱ ধৰ্মৰ লগতে অসমীয়া জাতিকো জীয়াই থকাৰ অমৃত ৰস পাণ কৰাবলৈ সক্ষম হৈছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক দি যোৱা সংস্কৃতি অবিহনে আমাৰ অসমীয়া জাতিৰ পৰিচয় তেনেই সীমিত, তেনেই ঠেক। মহাপুৰুষগৰাকীয়ে আমাক এটা বৰ্ণিল সংস্কৃতি দি থৈ গৈছিল। আৰু সেই সংস্কৃতিৰ মাজেৰে নেদেখাজনৰ লগত একাত্ম হৈ যোৱাৰ এক অদ্ভুত জ্ঞান আমাৰ মাজত এৰি থৈ গৈছিল।

আজি উত্তৰ গুৱাহাটীত আমি শুনা হৰি নামৰ ধ্বনিয়ে আমাৰ আত্মাক মলিনতাৰ পৰা আৰু অধিক পৰিস্কাৰ কৰিলে আৰু আমাৰ মন অন্তৰ কৃষ্ণ ভক্তিৰে বিয়পি পৰিলে। মই আশা কৰো যে, আমাৰ আই-মাতৃসকলে, অভিভাৱকসকলে আমাৰ সন্তানসকলৰ মনত এই কৃষ্ণভক্তিৰ জোৱাৰ তুলিবলৈ চেষ্টা কৰিব লাগে।

কাৰণ যিমানেই আমাৰ পৰিয়ালত কৃষ্ণ ভক্তিৰ জোৱাৰ সৃষ্টি হ'ব সেই পৰিয়ালত কোনো ধৰণৰ অপায়,অমংগল আহিব নোৱাৰে। আৰু বাহ্যিক প্ৰভাৱত আজিৰ ডেকা শক্তি কিছু অংশ যিধৰণে বিপথে পৰিচালিত হৈছে, ড্ৰাগছ মদ আদিৰ পৰা দূৰত ৰাখিবৰ একমাত্ৰ পথ হৈছে সৰুতেই সন্তানৰ মনত কৃষ্ণভক্তিৰ এটা জাগৰণ সৃষ্টি কৰা।

যেতিয়াই সৰুতেই পৰিয়ালত কৃষ্ণ ভক্তিৰ জাগৰণ হ'ব, লৰা-ছোৱালীয়ে সংস্কাৰৰ মূল্য বুজি পাব আৰু সংস্কাৰৰ পথেৰে আগবাঢ়ি কৃষ্ণৰ লগত একিকৰণ হ'বলৈ চেষ্টা কৰিব সিমানেই আমাৰ পৰিয়াল আমাৰ অসমখন আৰু অধিক আগুৱাই যাব।

তেওঁ কয়, সমাজত জাত-পাত, সংকীৰ্ণতা সেয়া ভগৱানে সৃষ্টি কৰা নাই। ভাগৱত গীতাত মহাপ্ৰভূ কৃষ্ণই বাৰে বাৰে কৈ গৈছে গুণ আৰু কৰ্মৰ ভিত্তিতহে জাতিৰ সৃষ্টি হয়। বংশ আৰু জন্মৰ ভিত্তিত জাতিৰ সৃষ্টি নহয়।

সেয়ে সংকীৰ্ণতা ত্যাগ কৰি মহাপুৰুষ শংকৰদেৱে এক উদাৰ দৃষ্টি ভংগীৰে বৰঅসমৰ এক মহান জাতি নিৰ্মাণ কৰাৰ প্ৰচেষ্টা লৈছে। আউনীআটি সত্ৰৰ প্ৰচেষ্টাত আমি সেই বৰঅসমৰ প্ৰতিধ্বনি আমাৰ এই উত্তৰ গুৱাহাটীত আকৌ এবাৰ শুনিবলৈ পাইছো। আশা কৰো এই বৰঅসমৰ বোৱতী সুঁতিক আমি আগুৱাই লৈ গৈ থাকিম।

ইয়াক আৰু অধিক সৰশ্ৰোতা আৰু অধিক চহকী কৰিম। বিশ্বৰ বুকুত সংস্কাৰ আৰু সভ্যতাৰ জয়ধ্বনিৰ মাজেৰে জ্ঞান আৰু বিজ্ঞানক সামৰি আমি এক মহান জাতি হিচাপে নিজৰ পৰিচয় দিম।

উল্লেখ্য যে সন্ধিয়ালৈ নামঘৰ সমাৰোহৰ বাকৰিত সাংস্কৃতিক অনুষ্ঠান আৰু হেৰাই যাব ধৰা বিভিন্ন গীত-মাতৰ প্ৰদৰ্শন হয়। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত প্ৰাণ ৰাইজে অতি সূচাৰুৰূপে এই অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ বাবে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আয়োজক কমিটীক ধন্যবাদ জনায়।এই সমাৰোহত কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰেও অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in