নলবাৰীত প্ৰাথমিক শিক্ষানুষ্ঠানত বঁটা প্ৰাপ্ত শিক্ষকৰ পাঠদান…

নলবাৰীত প্ৰাথমিক শিক্ষানুষ্ঠানত বঁটা প্ৰাপ্ত শিক্ষকৰ পাঠদান…

author-image
asomiyapratidin
New Update
জে এন ইউত প্ৰচণ্ড মাৰপিটঃ ABVPৰ বহু কেইজন কৰ্মী আহত, এইমছত ভৰ্তি…

ডিজিটেল সংবাদ,নলবাৰীঃ নলবাৰী জিলা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পূৰস্কাৰপ্ৰাপ্ত শিক্ষক সন্মিলনৰ প্ৰতিনিধি আৰু জিলা শিক্ষা বিষয়া সীমান্ত ডেকাৰ মাজত বুধবাৰে দিনৰ ৪ মান বজাত এক শৈক্ষিক আলোচনা হয়। শিক্ষক সন্মিলনৰ সভাপতি ভগবান ডেকা, উপ-সভাপতি দিলীপ পাঠক, সাধাৰণ সম্পাদক ৰমনী বৰ্মন আৰু সহকাৰী সম্পাদক প্ৰমোদ তালুকদাৰে শিক্ষা বিষয়া গৰাকীক লগ কৰি জিলা সন্মিলনৰ সদস্য বঁটা প্ৰাপ্ত শিক্ষক সকলে জিলা খনৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ উন্নয়নৰ স্বাৰ্থত বিদ্যালয় প্ৰধান শিক্ষক গোট , অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ লগত আলোচনা কৰাৰ প্ৰয়োজনীয়তাৰ কথা জনায়।

প্ৰয়োজনত নিৰ্ধাৰিত বিদ্যালয়ত বঁটা প্ৰাপক শিক্ষক সকলে শ্ৰেণীত পাঠদান কৰাৰ সিদ্ধান্তও জনায়। সন্মিলনৰ আবেদনৰ ওপৰত শিক্ষা বিষয়া গৰাকীৰ লগত হোৱা সৌহাৰ্দ্যমূলক আলোচনাত শিক্ষক সন্মিলনৰ সদস্য সকলে সন্তোষ প্ৰকাশ কৰে। ছেপ্তেম্বৰ মাহৰ প্ৰথম শনিবাৰৰ পৰাই আনুষ্ঠানিক ভাৱে আলোচনা কাৰ্যসূচীৰ লগতে পাঠদান বিষয়টোও আৰম্ভ হ'ব বুলি সম্পাদক ৰমনী বৰ্মনে জানিব দিয়ে।