সুৰজিত গোৱিন্দ বৰুৱাৰ দেহাৱসানত নলবাৰী জিলা সাহিত্য সভাৰ শোক প্ৰকাশ...

সুৰজিত গোৱিন্দ বৰুৱাৰ দেহাৱসানত নলবাৰী জিলা সাহিত্য সভাৰ শোক প্ৰকাশ...

author-image
Asomiya Pratidin
New Update
সুৰজিত গোৱিন্দ বৰুৱাৰ দেহাৱসানত নলবাৰী জিলা সাহিত্য সভাৰ শোক প্ৰকাশ...

ডিজিটেল সংবাদ, নলবাৰী : অসম গৌৰৱ আছাম ট্ৰিবিউন কাকতগোষ্ঠীৰ সঞ্চালক সুৰজিত গোৱিন্দ বৰুৱাৰ দেহাৱসানত নলবাৰী জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশৰ লগতে শ্ৰদ্ধা নিৱেদন কৰিছে।

Advertisment

নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে এই বিষয়ে কয় যে আছাম ট্ৰিবিউন কাকতগোষ্ঠীৰ সঞ্চালক সুৰজিত গোৱিন্দ বৰুৱাদেৱে প্ৰখ্যাত, মৰ্যাদাপূৰ্ণ আৰু সন্মানীয় প্ৰকাশন গোষ্ঠীটোৰ জৰিয়তে সুদীৰ্ঘকাল বাতৰিকাকত, আলোচনী আৰু বহু মূল্যৱান পুথি প্ৰকাশ কৰি অসমীয়া ভাষা-সাহিত্যৰ সংবৰ্ধন আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি সফল হোৱাৰ লগতে অসমৰ সকলো বিপদৰ সময়ত যুক্তিপূৰ্ণ, উচিত আৰু সঠিক দৃষ্টিভংগীৰে জাতীয় জীৱনক সবলভাৱে নেতৃত্ব প্ৰদানত সদায় স্মৰণীয় ভূমিকা লৈ আহিছে।

সেয়ে আদৰ্শৰ নিচান উৰুওৱা, অসমী আইৰ মহান সেৱক এইগৰাকী ব্যক্তি প্ৰতিগৰাকী অসমীয়া আৰু অসমবাসীৰ হিয়াত থিতাপি লৈছে। অসম আৰু অসমীয়াৰ উদ্গতিৰ কল্পে সমস্ত জীৱন চিন্তা কৰি যোৱা বৰুৱাদেৱৰ গতবায়ুত নলবাৰী জিলা সাহিত্য সভাই বৌদ্ধিক ক্ষেত্ৰত শূন্যতাই আৱৰা বুলি অনুভৱ কৰে। জিলা সাহিত্য সভাই বৰুৱাদেৱলৈ শোক প্ৰকাশেৰে শ্ৰদ্ধা নিৱেদনৰ লগতে শোক সন্তপ্ত পৰিয়ালৰ সদস্যবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

নলবাৰী জিলা সাহিত্য সভা