উন্নয়নৰ প্ৰতিশ্ৰুতি, বিৰোধীক ক্ষুৰধাৰ সমালোচনাঃ নলবাৰীত প্ৰধানমন্ত্ৰীয়ে কি কি ক'লে, সবিশেষ...

উন্নয়নৰ প্ৰতিশ্ৰুতি, বিৰোধীক ক্ষুৰধাৰ সমালোচনাঃ নলবাৰীত প্ৰধানমন্ত্ৰীয়ে কি কি ক'লে, সবিশেষ...

ডিজিটেল সংবাদ, ৰঙিয়াঃ  সমাগত লোক সভা নিৰ্বাচনক লৈ শাসক-বিৰোধীয়ে মাৰাথান নিৰ্বাচন প্ৰচাৰৰ অব‍্যাহত ৰখাৰ সময়তে আজি নলবাৰীৰ বৰকুৰাত  এক বিশাল নিৰ্বাচনী সভাত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰে । নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বৰকুৰাৰ বিদ্যাঞ্চল স্কুলৰ  ওচৰৰ বিশাল কৃষি ভূমিত অনুষ্ঠিত হোৱা  নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীয়ে বৰপেটা লোকসভা সমষ্টিৰ বিজেপি,অগপ,ইউ পি পি এলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ লগতে দৰং ওদালগুৰিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থিৰ হৈ অনুষ্ঠিত সভাখনত উপস্থিত হৈ অসমীয়া ভাষাৰে ৰাইজক সম্বোধন কৰি নিবাৰ্চনী ভাষণেৰে ৰাইজক আপ্লুত কৰে।

উক্ত লোক সভা সমষ্টিৰ অন্তৰ্গত বিধান সভা সমষ্টিসমুহৰ  পৰা প্ৰায় লক্ষধিক ৰাইজ উপস্থিত থকা  এই জনসভা খনত  দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে অসমীয়া ভাষাৰে নিৰ্বাচনী ভাষণ আৰম্ভ কৰি  কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমলোচনা কৰি কয় যে কংগ্ৰেছে উত্তৰ পূবাঞ্চলক কেৱল সমস্যা জাপি দিয়ে কিন্তু বিজেপিয়ে সম্ভৱনাৰ উৎসৱ হিচাপে গঢ়ি  তুলিছে ৷ বিজেপি দল সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে আগবঢ়া দল ৷ সেয়েহে  এন ডি এ চৰকাৰৰ আচনি সমূহে  কাৰো প্ৰতি ভেদ ভাৱ নৰখাকৈ  সকলোকে লাভান্বিত কৰিছে ৷ অহা পাচ বছৰত  দৰিদ্ৰ লোক সকলৰ বাবে নিৰ্মাণ কৰা হব তিনি কোটি নতুন ঘৰ ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়,  আজি ৰাম নৱমীৰ এক ঐতিহাসিক ক্ষণ। ৫০০ বছৰীয়া এক সুদীৰ্ঘ অপেক্ষাৰ অন্তত ভগৱান ৰাম ৰামমন্দিৰৰ আসনত বহিছে, তেওঁৰ জন্মজয়ন্তী পবিত্ৰ অযোধ্যা চহৰৰ ৰাম মন্দিৰৰ ৰামৰ মূৰ্তিত সূৰ্য তিলকেৰে উদযাপন কৰা হয়। নৰেন্দ্ৰ মোডীৰ এই মন্তব্যৰ সময়ত উপস্থিত বিজেপি হাজাৰ হাজাৰ  সমৰ্থকসকলে জয় শ্ৰীৰাম,জয় শ্ৰীৰাম ধ্বনিৰে পৰিৱেশ মুখৰিত হৈ পৰে।লগতে মোডীয়ে পুনৰ কয়, আজি সমগ্ৰ দেশত এক নতুন পৰিৱেশৰ সূচনা হৈছে। ভগৱান ৰামৰ এই জন্মদিন ৫০০ বছৰৰ পিছত আহিছে। তেওঁ নিজৰ ঘৰত জন্মদিন উদযাপন কৰাৰ সৌভাগ্য লাভ কৰিছে।

মোডী পুনৰ ভাষণ প্ৰসংগত কয় যে আযূষ্মান যোজনাৰ অধীনত ৭০ বছৰ উৰ্ধ্বৰ সকলো বয়সৰ লোকক বৈষম্য অবিহনে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সুবিধা দিয়া হ'ব বুলি  গেৰান্টি দিয়ে। মোডী নিজৰ  ভাষণত কয় যে  এন ডি এয়ে দেশৰ প্ৰতিজন নাগৰিকৰ কাষলৈ গৈ তেওঁলোকৰ প্ৰাপ্য সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। অহা ৫ বছৰত দৰিদ্ৰ লোকসকলৰ বাবে আৰু ৩ কোটি নতুন ঘৰ নিৰ্মাণ কৰা হ'ব।য'ত কোনো বৈষম্য নাথাকিব বুলিও তেওঁ উল্লেখ কৰে। মোডীয়ে কয়, সমগ্ৰ দেশতে মোডীৰ গেৰাণ্টি চলি আছে আৰু উত্তৰ পূৰ্বাঞ্চল নিজেই মোডীৰ গেৰাণ্টিৰ সাক্ষী। উত্তৰ পূৰ্বাঞ্চলক কেৱল সমস্যা প্ৰদান কৰা বিজেপিয়ে সম্ভাৱনাৰ উৎসলৈ ৰূপান্তিৰিত কৰিছে।

কংগ্ৰেছে বিচ্ছিন্নতাবাদক ইন্ধন যোগালে আৰু মোডীয়ে শান্তি আৰু নিৰাপত্তাৰ বাবে প্ৰচেষ্টা চলালে। কংগ্ৰেছে ৬০ বছৰত যি কৰিব নোৱাৰিলে মোডীয়ে ১০ বছৰত কৰিলে বুলি দাবী কৰে । তেওঁ ভাষণ প্ৰসংগত কয়, বিজেপিয়ে বিনামূলীয়াকৈ বিদ্যুৎ উৎপাদনৰ বাবে কম মূল্যত সৌৰ পেনেল যোগান ধৰাৰ লক্ষ্য লোৱা সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে। তেওঁ কয়, আগন্তুক দিনবোৰত মানুহে বৈদ্যুতিক বাহন ক্ৰয় কৰিব আৰু এই সৌৰ পেনেলবোৰে পেট্ৰল, ডিজেলৰ চাৰ্জিং আৰু ভ্ৰমণ ব্যয় শূন্যলৈ হ্ৰাস কৰাৰ এক উত্তম পদক্ষেপ হ'ব। তেওঁ দেশৰ ৩ কোটি মহিলাক লাখপতি 'দিদি' হিচাপে গঢ়ি তোলাৰ লক্ষ্য সন্দৰ্ভতো বিশদ বক্তব্য কৰে। তেওঁ কয় আমাৰ লক্ষ্য দেশৰ ৩ কোটি 'ভগ্নী'ক লাখপতি দিদি হিচাপে গঢ়ি তোলা। গাওঁবোৰৰ পৰা আমাৰ ভগ্নী ওলাই আহি ড্ৰোণ পাইলট হ'ব। ই দলিত, দৰিদ্ৰ, বঞ্চিত, পিড়িত, কৃষক, চাহ শ্ৰমিক সকলোকে সহায় কৰিব।

মোডীয়ে খাৰখোৱা অসমীয়াৰ কথা উল্লেখ কৰি কয়, কৃষকসকলৰ প্ৰতি বিজেপিৰ যথেষ্ট সদিচ্ছা আছে। তেওঁ কয় শস্যৰ নূন্যতম সমৰ্থিত মূল্য বৃদ্ধি কৰা হৈছে আৰু ই স্থানীয় কৃষকসকলকো লাভাম্বিত কৰিব। প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ অধীনত অসমৰ স্থানীয় কৃষকসকলে ৫.৪০ কোটিৰো অধিক টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। বিজেপিয়ে আগন্তুক সময়ত এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত অসমৰ কৃষকসকলেও আগন্তুক সময়ত বৈষম্য অবিহনে এই সাহায্য লাভ কৰি থাকিব বুলি মন্তব্য কৰে।সভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত বিৰোধীক কটু ভাষাৰে সমালোচনা কৰি সমাগত লোক সভা নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ভিতৰত ১৪ খনে বিজেপি মিত্ৰজোঁটে দখল কৰিব বুলি মন্তব্য কৰাৰ লগতে মোডীয়ে অসমৰ উন্নয়নৰবাবে সদায়ে কাম কৰি অহাৰ কথা উল্লেখ কৰে।

সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,অগপৰ সভাপতি অতুল বৰা,ইউ পি পএলৰ সভাপতি প্ৰমোদ বড়ো,নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,মন্ত্ৰী ৰঞ্জিত দাস,মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,কেশৱ মহন্ত,বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ফনীভূষন চৌধুৰী আদিয়ে অংশগ্ৰহণ কৰে।উল্লেখ‍্য যে জনসমুদ্ৰত পৰিণত হোৱা আজিৰ মোডীৰ সভালৈ বিশেষকৈ মহিলাৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা যায়।সভালৈ অহা সৰু-বৰ গাড়ীত অধিকাংশ মহিলা সমৰ্থকে প্ৰখৰ ৰ'দক নেওচি মোডীৰ ভাষণ শুনা দেখা যায়।উল্লেখ‍্য যে বৰকুৰা অভাৱৰ ব্ৰীজৰ ওপৰৰ পৰা আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বৰকুৰা চ'"কৰ পৰা হাজাৰ হাজাৰ জনতাই মোডীৰ ভাষণ উপভোগ কৰা দেখা যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in