নিৰ্বাচনী ৰণডংকাঃ আজি নলবাৰীত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে...

নিৰ্বাচনী ৰণডংকাঃ আজি নলবাৰীত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে...

ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নলবাৰীত সম্বোধন কৰিব এখন বিশাল জনসভা। মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ এই প্ৰচাৰ কাৰ্যসূচীত অংশ লব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে কইনাধৰাত বাহৰ পাতি থকা প্ৰধানমন্ত্ৰীগৰাকী নলবাৰীৰ বৰকুৰাত সম্বোধন কৰিব এই বিশাল জনসভাখনক।

প্ৰাপ্ত খবৰ অনুসৰি, কেইবা লক্ষ লোকক সমাগমেৰে এই সভাখন অনুষ্ঠিত হব। পুৱা ১০.১৫বজাত নলবাৰীলৈ ৰাওনা হব প্ৰধানমন্ত্ৰীগৰাকী। নলবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৰকুৰাৰ বিশাল কৃষিভূমিত অনুষ্ঠিত হ’ব এই নিৰ্বাচনী সভাখন।

প্ৰধানমন্ত্ৰী আগমনৰ উপলক্ষে তিনিখনকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছে বৰকুৰাৰ কৃষিভূমিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in