প্ৰবীণ নৃত্য শিল্পী-পৰিচালক প্ৰফুল্ল হালৈলৈ মহানন্দ শৰ্মাৰ স্মৃতিত 'মহাগুৰু' স্মাৰক বঁটা...

প্ৰবীণ নৃত্য শিল্পী-পৰিচালক প্ৰফুল্ল হালৈলৈ মহানন্দ শৰ্মাৰ স্মৃতিত 'মহাগুৰু' স্মাৰক বঁটা...
Published on
Updated on

ডিজিটেল সংবাদ, বাঁহজানীঃ অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ এসময়ৰ বলিষ্ঠ অভিনেতা,পৰিচালক মহানন্দ শৰ্মাৰ স্মৃতিত চলিত ২০২৪ বৰ্ষৰ 'মহাগুৰু' স্মাৰক বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ভ্ৰাম্যমান জগতৰ প্ৰবীন নৃত্য শিল্পী,পৰিচালক তথা বৰপেটা জিলাৰ আমৃখোৱা নিবাসী প্ৰফুল্ল হালৈ(৭৯)ক। আজি নলবাৰী জিলাৰ বাঁহজানীৰ তিলানা'ৰ নবীন চন্দ্ৰ তামুলী কৃষি ফাৰ্মত অনুষ্ঠিত এখন সংবাদমেল যোগে এই কথা ঘোষনা কৰে মহানন্দ শৰ্মা স্মৃতি ৰক্ষা সমিতিয়ে।

সংবাদমেলত উপস্থিত থাকি স্মৃতিৰক্ষা সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীয়ে মূলত মহান নাট্য শিল্পী মহানন্দ শৰ্মাৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত মহানন্দ শৰ্মা স্মৃতি ৰক্ষা সমিতিয়ে নলবাৰীৰ মুগকুছি মিলন নাট্যগোষ্ঠীৰ সহযোগত শিল্পী গৰাকীৰ স্মৃতিত এইবাৰ তৃতীয় বৰ্ষত উক্ত বঁটাৰ বাবে প্ৰবীন নৃত্য শিল্পী প্ৰফুল্ল হালৈক নিৰ্বাচিত কৰা বুলি সদৰি কৰে। বঁটাটোত নগদ ধনৰ উপৰি মানপত্ৰ,স্মাৰক, ফুলাম জাপি, গামোচা, চেলেং আদি আগবঢ়োৱা হ'ব।

অহা ২৫ আগষ্টত নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৱ লগা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত বঁটাটি প্ৰবীন নৃত্য শিল্পী গৰাকীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হৱ। উক্ত অনুষ্ঠানত বিশিষ্ট অভিনেতা-পৰিচালক ভৱেশ বৰুৱা, বিশিষ্ট শিক্ষাবিদ দয়ানন্দ পাঠক, মহানন্দ শৰ্মাৰ পৰিয়াল বৰ্গ সহঃ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিৱ।অনুষ্ঠানৰ সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হৱ।আজিৰ সংবাদমেলত মহানন্দ শৰ্মা স্মৃতিৰক্ষা সমিতিৰ সভাপতি গণেশ তামুলী, উপ-সভাপতি ধনেশ্বৰ শৰ্মা, নাট্যকৰ্মী গিৰিন্দ্ৰ দাস, সৰ্বেশ্বৰ কলিতা, মুনীন্দ্ৰ দাস,মোহন কলিতাকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।

লক্ষনীয় যে প্ৰবীন নৃত্য শিল্পী প্ৰফুল্ল হালৈয়ে ৭৯ বছৰ বয়সতো বৰ্তমান সূৰ্য, ৰাজমুকুট, ৰুদ্ৰাক্ষ'কে ধৰি কেবাখনো থিয়েটাৰত নৃত্য পৰিচালক হিচাপে কাম কৰি আছে। উল্লেখ্য যে বিগত ২০২২ বৰ্ষত অসমৰ যাত্ৰা দলৰ পুৰোধা শিল্পী লক্ষীধৰ শৰ্মাক আৰু বিগত ২০২৩ বৰ্ষত বিশিষ্ট নাট্যকাৰ-পৰিচালক জীতেন শৰ্মাক "মহাগুৰু" স্মাৰক বঁটা প্ৰদান কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in