নলবাৰী জিলা সাহিত্য সভাৰ সোণোৱালী অভিজ্ঞান অনুষ্ঠান সম্পন্ন...

বিশাল হৃদয়ৰ মানুহ সমাজত সদায় জীয়াই থাকেঃ ড০ গাৰ্গী চক্ৰৱৰ্তী

author-image
Asomiya Pratidin
New Update
নলবাৰী জিলা সাহিত্য সভাৰ সোণোৱালী অভিজ্ঞান অনুষ্ঠান সম্পন্ন...

MNC NALBARI

ডিজিটেল সংবাদ, নলবাৰীঃ সৎ ব্যক্তিত্বৰ জৰিয়তে মানুহ মহান হ’ব পাৰে । যি ব্যক্তিয়ে সমাজ উন্নয়নৰ চিন্তা কৰে তেনে লোক মহান । মহান ব্যক্তিসকলৰ হৃদয়বোৰ বিশাল । বিশাল হৃদয়ৰ মানুহ সমাজত সদায় জীয়াই থাকে । তেনে এগৰাকী বিশাল হৃদয়ৰ ব্যক্তি আছিল শিক্ষাসেৱক মহেন্দ্ৰ নাৰায়ণ চৌধুৰী ।এই মন্তব্য মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ গাৰ্গী চক্ৰৱৰ্তীৰ ।

Advertisment

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নলবাৰী সাহিত্য সমাজৰ সহযোগত শিক্ষাসেৱক মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ জন্ম দিৱস উপলক্ষে ২২ ছেপ্টেম্বৰত সাহিত্য সমাজৰ সভাঘৰত অনুষ্ঠিত ‘সোণোৱালী অভিজ্ঞান’ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অধ্যক্ষ ড০ চক্ৰৱৰ্তীয়ে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যায়খন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মহেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে যি ত্যাগ কৰি গৈছে ই সদায় সমাজত জিলিকি থাকিব বুলি কয় ।

ভাষণত ড০ চক্ৰৱৰ্তীয়ে পুনৰ কয়, স্ত্ৰী শিক্ষাৰ আগশাৰীৰ অনুষ্ঠান মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যায়খন আগুৱাই নিব পাৰিলে মহান লোকগৰাকীক জীয়াই ৰখা হ’ব । শিক্ষানুষ্ঠানখনক অধিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অধ্যক্ষ ড০ চক্ৰৱৰ্তীয়ে সদায় চেষ্টা চলাই যাব বুলিও মন্তব্য কৰে ।

নলবাৰী সাহিত্য সমাজৰ সভাপতি ড০ লীনা ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে আদৰণী ভাষণ দিয়ে জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অনুষ্ঠান আয়োজনৰ উদ্দেশ্য বিৱৰি কোৱা আৰু সাহিত্য সমাজৰ সম্পাদক নৱকান্ত তালুকদাৰে আঁ‌তধৰা সভাখনত শিক্ষাসেৱকগৰাকীৰ স্মৃতিচাৰণ কৰে মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ কন্যা নিৰোদা চৌধুৰীয়ে ।

জীৱন আৰু কৰ্মৰ লগতে এগৰাকী শিক্ষাসেৱক হিচাপে মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ অৱদান সন্দৰ্ভত কন্যা চৌধুৰীয়ে ৰোমন্থন কৰে ।

সভাত অসম সাহিত্য সভাৰ মুখপাত্ৰ ড০ সঞ্জীৱ কুমাৰ শৰ্মাই ‘চৰ্যাপদ আৰু অসমীয়া পুৰণি সাহিত্য’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে । নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মায়ো শিক্ষাসেৱক মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ বিষয়ে স্মৃতি ৰোমন্থন কৰে ।

সভাৰ আৰম্ভণিতে মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডা০ বিপিন চন্দ্ৰ কলিতা, মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ কন্যা হিৰণ্ময় চৌধুৰী আৰু নাতি বোৱাৰী শেৱালি চৌধুৰীয়ে ।

শৰৎ চন্দ্ৰ গোস্বামীৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যায়ৰ উপাধ্যক্ষ গিৰীন্দ্ৰ ভট্টাচাৰ্যই ।

অনুষ্ঠানত জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক নৰেশ্বৰ কলিতা, শ্বাহ আলম আহমেদ, জোন বৰ্মন, লেখিকা বিমলা দেৱী, সাহিত্যসেৱী ভৱানী ভট্টাচাৰ্য, সুশীল চন্দ্ৰ তামুলী, সমাজকৰ্মী নৰেন দাস, বিজুলী ৰাজবংশী, সাহিত্যসেৱী ক্ষীৰদা দাস, জয় চন্দ্ৰ শৰ্মাকে ধৰি বহু লোক উপস্থিত থাকে ।

শিল্পী শেৱালি কাকতিয়ে বৰগীত পৰিৱেশন কৰি অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে। জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি হয় ।

assam sahitya sabha MNC NALBARI