ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চমক, বিদ্যায়তনিক ক্ষেত্ৰত উজলিল নলবাৰীৰ দিবাশ্ৰী

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চমক, বিদ্যায়তনিক ক্ষেত্ৰত উজলিল নলবাৰীৰ দিবাশ্ৰী

author-image
asomiyapratidin
New Update
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চমক, বিদ্যায়তনিক ক্ষেত্ৰত উজলিল নলবাৰীৰ দিবাশ্ৰী

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ এগৰাকী শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। শিক্ষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰত অলেখ প্ৰতিভাৰ জন্ম দিয়া নলবাৰীৰ এইগৰাকী প্ৰতিভাৱান যুৱতীয়ে দেশৰ সন্মানীয় শৈক্ষিক প্ৰতিষ্ঠান অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান সংস্থা, নতুন দিল্লীত স্ব-গৰিমাৰে উজলি উঠিছে। নলবাৰী চহৰৰ সমীপৱৰ্তী পূব মাজদিয়া গাঁৱৰ দিবাশ্ৰী তামুলী নামৰ প্ৰতিভাধৰ যুৱতীগৰাকীয়ে অখিল ভাৰতীয় আৰ্য়ুবিজ্ঞান সংস্থা, নতুন দিল্লীৰ পৰা পাঁচ বছৰীয়া ফেল'শ্বিপ লৈ ফিজিঅ'লজীত দেৱৰাজ বাজাজ ৰিচাৰ্জ সন্মান লাভ কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে।

Advertisment

পূব মাজদিয়া গাঁৱৰ সুশীল চন্দ্ৰ তামুলী আৰু প্ৰয়াত লক্ষ্মী দেৱী তামুলীৰ কন্যা তথা এই সন্মান বুটলিবলৈ সক্ষম হোৱা অসমৰ প্ৰথমগৰাকী বিদ্যাৰ্থী দিবাশ্ৰীয়ে ইতিমধ্যে ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ সহযোগী গৱেষক হিচাপে নিযুক্তি লাভ কৰিছে। উল্লেখ্য যে, শৈশৱৰ পৰাই তীক্ষ্ণ মেধাৰ পৰিচয় দিয়া দিবাশ্ৰীয়ে ২০১২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণী বিজ্ঞান বিভাগত ৭০ শতাংশ নম্বৰ লৈ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত এইমছত পি এইছ ডিত এন্ট্ৰেন্স দি ফেল'শ্বিপ পাবলৈ সক্ষম হয়।

ইয়াৰ পিচত এইমছৰ ফিজিঅ'লজীৰ মুৰব্বী অধ্যাপক ডাঃ কিশোৰ কুমাৰ দীপকৰ তত্বাৱধানত ডেভেলপমেন্ট অৱ ভিওৱাৰ টেকনিকছ/ইনষ্ট্ৰোমেনটেশ্যন ইন ফিজিঅ'ত গৱেষণা কৰি শ্ৰেষ্ঠ গৱেষক হিচাপে স্বীকৃতি লাভ কৰি দেৱৰাজ বাজাজ গৱেষণা সন্মান লাভ কৰে।উল্লেখ্য যে, মাতৃহাৰা দিবাশ্ৰীয়ে ২০০৮ চনত নলবাৰী মহাবিদ্যালয়ৰ বেষ্ট গ্ৰেজুৱেট হিচাপেও স্বীকৃতি লাভ কৰিছিল। তদুপৰি মেধাৱী দিবাশ্ৰীয়ে ইতিমধ্যে ধাৰাবাহিকভাৱে নেট, গেট আৰু শ্লেট সফলতাৰে সম্পূৰ্ণ কৰিছে। উল্লেখ্য যে, দিবাশ্ৰীয়ে ইয়াৰ পূৰ্বে আমেৰিকাৰ ফ্ল'ৰিডা, কানাডা, ফ্ৰান্সৰ লিঅন আৰু হংকঙৰ বিভিন্ন প্ৰতিষ্ঠানত গৱেষণা পত্ৰ পাঠ কৰি কৃতিত্ব অৰ্জন কৰিছে।