
ডিজিটেল সংবাদ, বাঁহজানী,: 'পূজা-পাঠ, জাক-যজ্ঞ শান্তিৰ কাৰণে কৰা হয়। যদি অন্তৰ শুদ্ধ নহয় এই পূজা-পাঠ কৰি একো লাভ নাই। শুদ্ধ অন্তৰেৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালে ঈশ্বৰে আমাৰ মন কামনা পৃৰ্ণ কৰে।'-এই মন্তব্য নৰ্থ ইষ্ট কেন্সাৰ হস্পাতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীৰ।
নলবাৰী জিলাৰ বৰমুৰিকোনা ঈশ্বৰ চতুৰ্ভুজ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৪০ তম দক্ষিন খাটা সাৰ্বজনীন শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজা উপলক্ষে কালি নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি গণেশ তামুলীয়ে ভাষনত এনেদৰে কয়। তেওঁ আৰু কয় যে আমি দেখাত ধুনীয়া হ'লে কি হ'ব, যদি অন্তৰত শুদ্ধভাৱ নাথাকে। আমি চাকি,বন্তি নিজৰ মংগলৰ কাৰনে জ্বলালে নহ'ব। এগছি চাকি আনৰ কাৰনেও জ্বলাব লাগিব। কাৰন সকলোৰে মংগল হ'লেহে নিজৰ মংগল হ'ব। সকলোৰে উন্নতি হ'লেহে সমাজত শান্তি প্ৰতিষ্ঠা হ'ব। গতিকে প্ৰত্যেকে প্ৰত্যেকৰ উন্নতিৰ চিন্তা কৰিৱ লাগে বুলি কয়।
তামুলীয়ে পুনৰ কয় যে আমাক বচোৱাৰ প্ৰধান শক্তি হ'ল ঈশ্বৰৰ শক্তি। টকা-পইচাই আমাক বচাব নোৱাৰে, ঈশ্বৰৰ শক্তিয়ে হে বচাব পাৰে। হিংসাভাৱ পৰিত্যাগ কৰি আমি মন বিলাক আনৰ সহাঁয়ক কৰি গঢ়ি তুলিব লাগিব। বেয়া দিন আহোতে যেনেদৰে বেছি সময় নালাগে তেনেদৰে বেয়াৰ পৰা ভাল হওঁতে বহু সময় লাগে। বিপদত পৰা সকলক একো দিব নোৱাৰিলেও মাতষাৰৰ লগতে অভয় দান কৰিব লাগে। তেওঁ টকা-পইচাতকৈও অভয় দান শ্ৰেষ্ঠ দান বুলি কয়।
তামুলীয়ে ধৰ্মীয় অনুষ্ঠানৰ সাংস্কৃতিক কাৰ্যসূচীত সংগীত শিল্পী সকলক আধ্যাত্মিক গীত পৰিবেশন কৰি ৰাইজৰ মাজত আধ্যাত্মিক ভাৱৰ সৃষ্টি কৰিবলৈ আহ্বান জনায়। পূজা উদযাপন সমিতিৰ সভাপতি বৈকুণ্ঠ কলিতাই আঁতধৰা অনুষ্ঠানত এন আৰ এল এমৰ নলবাৰী জিলা বিষয়া চন্দন তালুকদাৰ, কৌতুক অভিনেতা দ্বয় হৰিশ তালুকদাৰ, ৰতন তালুকদাৰকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিক উদ্যোক্তা সকলে সম্বৰ্ধনা জনায়। উল্লেখ্য যে আজি আবেলি বৰমুৰিকোনা পাগলদিয়া নৈৰ ঘাটত প্ৰতিমা বিসৰ্জনেৰে যোৱা ৩১ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা ৪০ তম জগদ্ধাত্ৰী পূজাৰ সামৰণি পৰে।