নলবাৰীত আৰোহণ আঁচনিৰ টেবলেট-পিচি বিতৰণ...

মিছন আৰোহণেই হ’ল নতুন প্ৰজন্মক সঠিক পথেৰে আগবঢ়াই নিয়াৰ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক অভিলাষী আঁচনি। এই আঁচনিখনেৰে ছাত্ৰ-ছাত্ৰীসকলক নিজকে আগবঢ়াই নি ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

author-image
Asomiya Pratidin
New Update
ereer

ডিজিটেল সংবাদ, নলবাৰীঃ আজি নলবাৰীত আৰোহণ আঁচনিৰ অধীনত শিক্ষাৰ্থীৰ মাজত টেবলেট-পিচি বিতৰণ কৰা হয়। উক্ত কার্যসূচীত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। জিলা পুথিভঁড়াল প্রেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ সভাত মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ দাঙি ধৰে।

Advertisment

ভাষণৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে আৰোহণ আঁচনি সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিক নিৰ্দেশনাত ২০২২-২৩ চনৰ পৰা 'মিছন আৰোহণ’ নামেৰে এক কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। লগতে এই মিছন আৰোহণ আছিল ভৱিষ্যত প্ৰজন্মক সুন্দৰভাৱে প্ৰস্তুত কৰা, যি আমাৰ ভৱিষ্যতৰ কাৰণে আটাইকৈ শক্তিশালী মানৱ সম্পদ হিচাপে চিহ্নিত হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ুপৰুৰ

তেওঁ ভাষণত কয় যে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী স্কুল বা প্ৰদেশীকৃত স্কুলত নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰথম হৈ নিৰ্বাচিত হয়, তেনেকুৱা স্কুলৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে আমি এই মিছন আৰোহণৰ ভিতৰত অন্তৰ্ভুক্ত কৰি লওঁ। তেওঁলোকৰ লগত একো একোগৰাকীকৈ বিভিন্ন পৰ্যায়ৰ আমাৰ বিষয়াসকল মেণ্টৰ হিচাপে কাম কৰে। উচ্চতৰ মাধ্যমিকলৈকে(নাইন, টেন, ইলিভেন, টুৱেলভ ৪ বছৰ) মেণ্টৰ হিচাপে তেওঁলোকৰ লগত থাকি সেই শিক্ষাৰ্থীসকলক আমি প্ৰস্তুত কৰো। কাৰণ আমি বিশ্বাস কৰো যে এই স্কুলৰ যিখিনি ফাৰ্ষ্ট বয় সেইসকল আমাৰ সম্পদ।

লগতে কয় যে, এটা কথা স্পষ্ট, চৰকাৰী স্কুল বা প্ৰাদেশীকৃত স্কুলত কেতিয়াবা প্ৰপাৰ গাইডেন্স নোপোৱাৰ কাৰণে, উপযুক্ত দিক নিৰ্দেশনা নোপোৱাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলৰ বহু প্ৰতিভা থকা সত্ত্বেও সেই প্ৰতিভাসমূহৰ বিকাশ নহয়। মুখ্যমন্ত্ৰীৰ আগ্ৰহ আছিল যে সেই প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে মেণ্টৰসকলে দায়িত্ব ল’ব লাগিব।

পৰকপক

তেওঁ পুনৰ কয় যে, মেণ্টৰ আৰু শিক্ষাৰ্থীৰ সম্পৰ্কৰ মাজেৰে আমি ভৱিষ্যত প্ৰজন্মক এটা সুন্দৰ দায়িত্বশীল, বুদ্ধিদীপ্ত ভৱিষ্যত প্ৰজন্ম এটা প্ৰস্তুত কৰাৰ কাৰণে আমি চেষ্টা কৰিব পাৰো। ইয়াৰ লগে লগে মুখ্যমন্ত্ৰীৰ এটা আগ্ৰহ আছিল আৰোহণৰ এই ছাত্ৰ-ছাত্ৰীসকলক আমি শিক্ষামূলক ভ্ৰমণ বা এক্সপ’জাৰ টুৰতো লৈ যাব লাগে। সেয়ে প্ৰতি বছৰে জিলাভিত্তিত এই শিক্ষামূলক ভ্ৰমণলৈ আমি শিক্ষাৰ্থীসকলক লৈ যাওঁ। গুৱাহাটীত বিভিন্ন ঠাই যেনে আই আই টি, শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা নাৰেংগীৰ আৰ্মী কেম্পলৈকে ছাত্ৰ-ছাত্ৰীসকলক আমি লৈ যাও। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন জ্ঞান আহৰণ কৰে।

ৰাজ্যখনৰ উন্নয়নৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে, অসমক আমি ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্য বনাম বুলি ক’লেও বনাবো নোৱাৰো, ইয়াৰ বাবে এটা পৰিৱেশৰ প্ৰয়োজন। এই পৰিৱেশৰ আটাইতকৈ ডাঙৰ কথাটো হ’ল, নতুন প্ৰজন্মই বুজি উঠিব লাগিব এইখন অসমৰ বাবে তেওঁলোকে কৰিবলগীয়া কি আছে। ইয়াৰ বাবে নতুন প্ৰজন্মই নিজৰ প্ৰতিভা ৰাষ্ট্ৰ আৰু ৰাজ্যখনৰ বাবে সমৰ্পিত কৰিব লাগিব। 

ভাষণত মন্ত্ৰীগৰাকীয়ে নলবাৰী জিলাত আৰোহণ আঁচনিত অন্তৰ্ভুক্ত ছাত্ৰ-ছাত্ৰীৰ এক পৰিসংখ্যাও দাঙি ধৰে। সেই অনুসৰি জিলাখনত ২০২২-২৩ চনত মিছন আৰোহণ আঁচনিত ১৬১ গৰাকী, ২০২৩-২৪ বৰ্ষত ১৬৪ গৰাকী আৰু ২০২৪-২৫ বৰ্ষত ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰি এক্সপ’জাৰ টুৰ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে।

পৰক

ইয়াৰ লগে লগে প্ৰতিগৰাকী শিক্ষাৰ্থীক ১০০০ টকাকৈ কিতাপ কিনিবৰ বাবে বুক ৰেণ্ট সাহায্য হিচাপে দিয়াৰ কথাও মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। লগতে তেওঁ কয়, ২০১১ চনত যেতিয়া নলবাৰীৰ ৰাইজে মোক প্ৰথম বিধায়ক নিৰ্বাচিত কৰিছিল, তেতিয়াই এটা যাত্ৰা আৰম্ভ কৰিছিলো- নলবাৰীখন শিক্ষাৰ কেন্দ্ৰস্থলী বা ইডুকেচন হাব হিচাপে প্ৰতিষ্ঠিত কৰাৰ। 

আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নলবাৰীত এখন পলিটেকনিক কলেজ আৰম্ভ কৰাৰ কথা উল্লেখ কৰে আৰু সেইখনতো আজি নতুন নতুন তথ্য-প্ৰযুক্তিৰে শিক্ষা দান কৰা আৰম্ভ কৰা হৈছে বুলি প্ৰকাশ কৰে। ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানৰ মাধ্যম সন্দৰ্ভত ভাষণ দাঙি ধৰি গৰ্ডন হাইস্কুলৰ উদাহৰণ দাঙি ধৰে। গৰ্ডন হাইস্কুলত অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে শিক্ষাদান দিয়া হয়। অসমৰ প্ৰথমখন স্কুল য’ত অসমীয়া আৰু ইংৰাজী মাধ্যমত শিক্ষাদান দিয়া হয়।

বৰহব

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, এতিয়া আমি প্ৰতিযোগিতাৰ যুগত সোমাই পৰিছো। আমি প্ৰতিযোগিতা পাঞ্জাৱ, গুজৰাট, কৰ্ণাটকৰ লগত কৰিব লাগিব। প্ৰতিখন ৰাজ্যৰ লগত প্ৰতিযোগিতা কৰাৰ বাবে আজি আমি সক্ষম। আমি উন্নত ৰাজ্যসমূহৰ লগত প্ৰতিযোগিতা কৰি আগবাঢ়িব লাগিব। এনেদৰে আগবাঢ়িবলৈ হ’লে নতুন প্ৰজন্ম সঠিক দিশেৰে যাব লাগিব। এই নতুুন প্ৰজন্মক সঠিক পথেৰে আগবঢ়াই নিয়া এখন প্ৰয়োজনীয় আঁচনি হ’ল এই 'আৰোহণ’। এই মিছন আৰোহণেই হ’ল নতুন প্ৰজন্মক সঠিক পথেৰে আগবঢ়াই নিয়াৰ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক অভিলাষী আঁচনি। এই আঁচনিখনেৰে ছাত্ৰ-ছাত্ৰীসকলক নিজকে আগবঢ়াই নি ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। 
উল্লেখ্য যে, নলবাৰী জিলাৰ শিক্ষা বিভাগ, সমগ্র শিক্ষা আৰু জিলা প্রশাসনে আয়োজন কৰা এই সভাত মন্ত্ৰীগৰাকীয়ে আৰোহণ আঁচনিৰ অন্তর্গত দশম শ্ৰেণীৰ ১৬৪ গৰাকী বিদ্যার্থীক আনুষ্ঠানিকভাৱে টেবলেট- পিচি বিতৰণ কৰে। আনহাতে, মন্ত্ৰীগৰাকীয়ে এই সভাস্থলীৰ পৰাই নলবাৰী আৰু বৰিগোগ-বনভাগ উন্নয়ন খণ্ডৰ অন্তর্গত MGNREGA আঁচনিৰ শিলান্যাস কৰে।

ীাূ

তদুপৰি, মন্ত্ৰীগৰাকীয়ে আজিৰ সভাস্থলীত নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত বালভৱন বিদ্যাপীঠ হাইস্কুল আৰু বালিতাৰা হাইস্কুলৰ ছাত্র-ছাত্রীৰ মাজত স্পেচ কিট বিতৰণ কৰে। সভাত নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা, নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্রী তালুকদাৰ, নলবাৰী জিলাৰ স্কুল পৰিদৰ্শক তথা অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

জয়ন্ত মল্লবৰুৱা