নাহৰলগুন থানাৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড...

জুই লগাৰ সময়ত পানী গাড়ীত পানী নাছিল বাবে এই জুই বিয়পি পৰে

author-image
Asomiya Pratidin
New Update
নাহৰলগুন থানাৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড...

Naharlagun

ডিজিটেল সংবাদ, নাহৰলগুনঃ নাহৰলগুন থানাৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড। অৰুণাচল প্ৰদেশৰ নাহৰলগুন থানাৰ সন্মুখত থকা পাচলি বজাৰত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। পুৱা ৩:৩০ মিনিটত পাচলি বজাৰত লগা জুই নিমিষতে বিয়পি পৰে ওচৰতে থকা দোকানগৃহ সমূহলৈ। ফলত শতাধিক দোকান জুয়ে আগুৰি ধৰে। প্ৰায় ৬ ঘন্টাৰ অন্তত অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ প্ৰচেষ্টাত কোনোমতে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

Advertisment

জানিব পৰা মতে, নাহৰলগুন থানা তথা অগ্নি নিৰ্বাপক বাহিনীৰ আস্থানৰ পৰা মাত্ৰ ৫০ মিটাৰ নিলগত সংঘটিত হোৱা এই ঘটনাত জুই নিৰ্বাপনত ব্যৰ্থ হয় অগ্নি নিৰ্বাপক বাহিনী। জুই লগাৰ সময়ত পানী গাড়ীত পানী নাছিল বাবে এই জুই বিয়পি পৰে।

অৱশ্যে সেই সময়ত প্ৰায়বোৰ দোকান বন্ধ আছিল। ইপিনে অগ্নি নিৰ্বাপক বাহিনীৰ বিফলতাৰ বাবেই চহৰৰ মাজমজিয়াত এনে বিধ্বংসী অগ্নিকাণ্ডত দুশৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যোৱাত ক্ষুন্ন হৈ পৰিছে স্থানীয় নাগৰিক, বজাৰ সমিতি আৰু ব্যৱসায়ীসকল।

নাহৰলগুন অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্তব্যৰত সকলো বিষয়া কৰ্মচাৰীৰ নিলম্বনৰ দাবীত শ্লগান দিয়ে উত্তেজিত ৰাইজে। ইপিনে ৱেষ্ট চিয়াং জিলাৰ আলো চহৰৰ পুলিচ কলনিতো যোৱা নিশা অগ্নিকাণ্ডত ২০ খন দোকান ভষ্মীভূত হয়।

assam fire naharlagun arunachal