/asomiyapratidin/media/media_files/2025/01/23/4MmQE4TNrfLHYeZZQQ4G.jpg)
তেল চুৰি চক্ৰ
ডিজিটেল সংবাদ,নগাঁও : নগাঁও আৰক্ষীয়ে এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । নগাঁও আৰক্ষীয়ে শিৱসাগৰ আৰক্ষীৰ সহযোগত ডিমৌত অভিযান চলাই তেল চুৰিৰ এক বৃহৎ চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষী সুত্ৰই জানিবলৈ দিয়া মতে কেইদিনমানৰ আগতে নগাঁও জিলাৰ বঢ়মপুৰ ভেৰভেৰীত খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই তেল চুৰি চক্ৰটোৱে তেল চুৰি কৰিছিল। এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত ৫২/ ২০২৫ নম্বৰৰ এক গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছিল।
এই গোচৰৰ আঁত ধৰি নগাঁও আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শিৱসাগৰ আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত বুধবাৰে নিশা অভিযান চলাই পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁলোকৰ পৰা চুৰি তেলৰ টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তেল চুৰি চক্ৰটো হ'ল- বঢ়মপুৰৰ প্ৰাঞ্জল কোঁৱৰ , জিতেন গগৈ , মাধুৰ্য সিনহা ,ডিমৰুগুৰিৰ জামালুদ্দিন , শিৱসাগৰৰ ডিমৌৰ সন্তোষ সিনহা। ইয়াৰে সন্তোষ সিনহা ডিমৌৰ তেল ডিপুৰ মালিক। তেল চুৰি চক্ৰটোৱে বঢ়মপুৰৰ পৰা ডিমৌলৈ চোৰাং ভাবে তেল সৰবৰাহ কৰিছিল। আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে ধৃত লোককেইজনক জেৰা অব্যাহত ৰাখিছে।